অসম

বান সাহায্য অপৰ্যাপ্ত

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অস্থায়ীভাৱে স্থাপন কৰা বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত প্ৰয়োজনীয় খাদ্য আৰু খোৱা পানীৰ বাবে হাহাকাৰৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে৷
তিনি দিন পিছত সামান্য খাদ্য সামগ্ৰী যোগান ধৰা হ’ল যদিও সেয়া পৰ্যাপ্ত নহয় বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে ৷ উদাহৰণ স্বৰূপে কুকুৰকাটাৰ কথাকে ক’ব পাৰি ৷

অসম- মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাত স্থাপন কৰা দুটাকৈ আশ্ৰয় শিবিৰত বৰ্তমানে খাদ্যৰ নাটনি৷ বিভাগীয় কৰ্তৃপক্ষই শিশুৰ বাবে যোগান দিয়া নাই কোনো খাদ্য। প্ৰশাসনে তিনি দিন পিছত শিবিৰ দুটাত কিছু পৰিমানে চাউল, আলু, মিঠাতেল আৰু ডালিৰ যোগান ধৰিয়ে দায়িত্ব সামৰিছে৷ ইফালে বহু শিবিৰত খোৱা পানীৰো যোগান নথকাত বানাক্ৰান্ত ৰাইজৰ মাজত তীব্ৰ অশান্তিৰ উদ্ৰেক হৈছে ৷

 

Related Articles

Leave a Reply

Close