অসম

বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত পুৰণিগুদাম

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ হ’ল পুৰণিগুদাম। এই পুৰণিগুদামতেই অসমৰ প্ৰথিতযশা সাহিত্যক, আন্তৰ্জাতিক খ্যাতি সম্পন্ন শিক্ষাবিদ, লোক সংস্কৃতি গৱেষণাৰ বাটকটীয়া ড: বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যুৰ তিনি বছৰৰ পাছত স্থাপন হৈছিল এখন উচ্চ শিক্ষাৰ অনুষ্ঠান। এইখনেই এতিয়া নগাঁও জিলাৰ ভিতৰতে আগশাৰীৰ গ্ৰামাঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান পুৰণিগুদাম ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়।

এই মহাবিদ্যালয়খনত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত কৰিছে সোণালী জয়ন্তী সমাৰোহ। সোণালী জয়ন্তী সমাৰোহৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত মহাবিদ্যালয় আৰু সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ভূপেন শইকীয়া আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰে। ইয়াৰ লগতে সোণালী জয়ন্তী উপলক্ষে পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতেই মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ খাউন্দে শ্বহীদ তৰ্পন কৰে। কাৰ্যসূচী অনুসৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনে চাৰু কাৰু কলা শিল্পী শিৱনাথ বাৰাই দ্বাৰা নিৰ্মাণ কৰি উলিওৱা ড: বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰায় ৯ ফুট উচ্চতাৰ পূৰ্ণাৱয়ব মূৰ্ত্তি উন্মোচন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ ফালৰ পৰা উলিওৱা এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই পুৰণিগুদামৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

উক্ত সাংস্কৃতিক শোভাযাত্ৰাটো নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপ্যাধায়ে শুভ উদ্বোধনধন কৰে। বিয়লি এক বজাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকীয়ে সোণালী জয়ন্তী উপলক্ষে মহাবিদ্যালয়ৰ চৌহদত আয়োজন কৰা গ্ৰন্থ মেলা আৰু প্ৰৰ্দশনীৰ দ্বাৰ উন্মোচন কৰে। ইয়াৰ অন্তত প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰনব কুমাৰ বৰা সোৱৰণী মঞ্চত অনুষ্ঠিত হয় এক মনোজ্ঞ অন্তৰংগ আলাপ অনুষ্ঠান। শিক্ষাবিদ পুলিন হাজৰিকা আৰু জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট শিক্ষাবিদ শৰৎ চন্দ্ৰ খাউন্দ, বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়ন, মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ভূপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰ, প্ৰাক্তন অধ্যাপিকা লক্ষিমী কাকতি, মামনি বৰা আৰু অধ্যাপক বিপুল চক্ৰৱতী প্ৰমূখ্য মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে আদি কৰি পুৰণিগুদামৰ বিশিষ্ট ব্যক্তি সকলে মহাবিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰে। সন্ধ্যা মহাবিদ্যালয়ৰ অধ্যয়নত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হোৱা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানয়ে জীপাল কৰি তোলে মহাবিদ্যালয়ৰ পৰিৱেশ।

আজিৰ দৰে অহা কাইলৈও অনুষ্ঠিত হ’ব বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি অহা কালিলৈ পুৱা ১০বজাত অনুষ্ঠিত হ’বলগীয়া জনপ্ৰিয় বক্তৃতা আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠানটো উদ্ধোধন কৰিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই। সাহিত্য একাডেমী বঁটা প্ৰাপক গল্পকাৰ ড: কুল শইকীয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানতে লোক সংস্কৃতিৰ গৱেষক মুৰুলীধৰ দাসক প্ৰদান কৰিব ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় বঁটা। বিয়লি এক বজাত অনুষ্ঠিত হ’বলগীয়া সম্বর্ধনা সভা উদ্বোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড: কন্দৰ্প কুমাৰ ডেকাই। নিশালৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হ’ব এটি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান।

উল্লেখ্য যে পুৰণিগুদামৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ পুৰণিগুদাম ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহে পুৰণিগুদাম অঞ্চলত এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে কাষৰীয়া অঞ্চল সমূহতো ইয়াৰ প্ৰভাৱ পৰা পৰা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Close