অসম

বিশ্বনাথৰ নিউ ইয়থ ক্লাৱৰ উদ্যোগত “ক্লীন বিশ্বনাথ গ্ৰীণ বিশ্বনাথ” অভিযান

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: ভাৰত চৰকাৰ স্বচ্চ ভাৰত অভিযান আঁচনিৰ অন্তৰ্গত বিশ্বনাথৰ চাৰিআলিৰ নিউ ইয়থ ক্লাৱৰ উদ্যোগত কেইজনমান উদীয়মান যুৱকে বিশ্বনাথত স্বচ্ছতাৰ অভিযান চলাই বিশ্বনাথ চহৰখন চাফা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে। যোৱা ১২ অক্টোবৰৰ পৰাই ইয়থ ক্লাৱৰ সদস্যসকলে চাফাই অভিযান চলাই আহিছে।

যি সময়ত এচাম নৱ প্ৰজন্ম বিভিন্ন নিচাযুক্ত বস্তু সেৱন কৰি নিজে বিপথে পৰিচালিত হোৱাৰ উপৰিও অসামাজিক কামত লিপ্ত হৈ সমাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিজকে অন্ধকাৰলৈ ঠেলি লৈ গৈছে সেই সময়ত ইয়থ ক্লাৱৰ সদস্যকেইজনৰ এনে পদক্ষেপক বিশ্বনাথবাসী ৰাইজে বিপুল আদৰণি জনাইছে। নিউ ইয়থ ক্লাৱৰ তৰফৰপৰা সমূহ বিশ্বনাথবাসী ৰাইজক নিজৰ পদুলিৰ লগতে নিজৰ চুবুৰীও পৰিষ্কাৰ-পৰিচন্ন কৰি সাম্ভাব্য স্থানত গছপুলি ৰোৱাৰ আহ্বান জনায়।

 

Related Articles

Leave a Reply

Close