Uncategorizedঅসম

বৰক্ষেত্ৰীত পাঁচ শতাধিক এআই ইউ ডি এফ নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান, চিন্তিত বিজেপি

মুকালমুৱাৰপৰা জয়ন্ত ডেকা, প্ৰথম খবৰ: নলবাৰী জিলাৰ অতি গুৰুত্বপুৰ্ণ তথা চৰ্চাৰ বিধানসভা সমষ্টি বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিজেপিৰ ভেটি আজি কম্পমান হয়৷ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পাঁচ শতাধিক এ.আই.ইউ.ডি.এফ নেতা কৰ্মীৰ কংগ্ৰেছত যোগদানে বাৰুকৈয়ে বিপাঙত পেলাল বৰক্ষেত্ৰী বি.জে.পিক ৷ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বৰক্ষেত্ৰীৰ কেইবাখনো পঞ্চায়তৰ এ.আই.ইউ.ডি.এফ দলৰ নেতা কৰ্মী সকলে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা ডাঃ ভূমিধৰ বৰ্মনৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সভাত ডাঃ ভূমিধৰ বৰ্মনৰ উপৰিও নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি সহ বহু কেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত ডাঃ ভূমিধৰ বৰ্মনে বি.জে.পি মিত্ৰ জোটৰ চৰকাৰে ৰাজ্যত প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তনহে আনিছে বুলি মন্তব্য কৰে৷ ইপিনে সভাৰ অন্তত বৰ্ষীয়ান কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনে বি.জি.পি নেতৃত্বাধীন চৰকাৰক ৰাজ্যৰ জনসাধৰণৰ আগত নাগালিমৰ স্থিতি স্পষ্ট কৰাৰ বাবে আহ্বান জনায়।

Related Articles

Leave a Reply

Close