অসম

বৰপেটাত উদ্যমি যুৱকৰ দ্বাৰা পথ মেৰামতি

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: বৰপেটাৰ অতি ব্যস্ততা পূৰ্ণ পথ হ’ল বি.কে ৰোড আৰু মুছলিমপট্টী আৰু ইয়াৰ লগত সংলগ্ন শ্মশান ৰোড।
বিগত কিছুদিন ধৰি এই পথছোৱাৰ এপ্ৰোচটোত এফুট দ’ গাত এটাৰ সৃষ্টি হৈ আছিলে কিন্তু প্ৰশাসন তথা পৌৰসভা কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা আছিলে। সেইখিনি স্থানতে নিতৌ হ’ব ধৰিলে সৰু-বৰ দুৰ্ঘটনা তথাপিও গা নলৰিল প্ৰশাসনৰ আৰু পৌৰসভাৰ।

পথ মেৰামতিৰ বাবে ওলাই আহিল এজাক তৰুণ। নিজৰ ধনেৰে মেৰামতি কৰিলে পথছোৱা আৰু এই সমগ্ৰ কামত আগভাগ ল’লে নিতু ৰহমানৰ লগতে উদ্যমি যুৱকসকলে। তেওঁলোকৰ কামক সকলোৱে প্ৰশংসা কৰিছে আৰু চচিয়েল মিডিয়াত ব্যাপক সহাৰি পোৱা পৰিলক্ষিত হৈছে। তেওঁলোকৰ অভিযোগ, ইয়াৰ পিছতো প্ৰশাসন তথা পৌৰসভাৰ চকু মেল খাব নে নাখায়।

Related Articles

Leave a Reply

Close