অসম

বৰপেটাৰ আলোপতি চৰত ৪০ কেজি ওজনৰ অজগৰ উদ্ধাৰ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিন আলোপতি গাঁৱত আজি পুৱাই উদ্ধাৰ কৰা হয় এটা প্ৰকাণ্ড অজগৰ। গাঁওখনৰ নুৰুল হুদা নামৰ লোকজনৰ হাঁহৰ গৰালৰ পৰা উদ্ধাৰ কৰা হয় অজগৰটো। প্ৰায় ১৪ ফুট দীঘল আৰু প্ৰায় ৪০ কেজি ওজনৰ অজগৰটো উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। অঞ্চলটোত বন বিভাগৰ কোনো কাৰ্যালয় নথকাত স্থানীয় ৰাইজে আলোপতি আৰক্ষী থানাত খৱৰ দিয়ে যদিও ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষীৰ লোক।

ইপিনে প্ৰকাণ্ড অজগৰটো সামান্য পৰিমানে আঘাত পায়। প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত নহ’লে অজগৰটো মৃত্যু মুখত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাইজে।

Related Articles

Leave a Reply

Close