অসম

বৰুৱাঝাৰ হাইস্কুলত বিৰল প্ৰজাতিৰ ফেচাঁ উদ্ধাৰ

দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ, প্ৰথম খবৰ: দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত বৰুৱাঝাৰ হাইস্কুলত কালি উদ্ধাৰ হয় এটা বিৰল প্ৰজাতিৰ ফেচাঁ। প্ৰাপ্ত খবৰ অনুসৰি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ডাইনিং হলত মধ্যাহ্ন ভোজন কৰিবলৈ যায়। একাংশ শিক্ষাৰ্থীয়ে আহাৰ গ্ৰহণ কৰি শ্ৰেণী কোঠাত সোমাই পৰে যদিও অৱশিষ্ট শিক্ষাৰ্থীয়ে আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতেই ডাইনিং হলৰ চিলিঙৰ পৰা হঠাৎ ফেচাঁ চৰাইজনী পৰাত হলত হুৱা-দুৱা লাগে। বিৰল প্ৰজাতিৰ ফেচাঁ চাই বহুতেই ভয় কৰিছিল যদিও এজন সাহসী ছাত্ৰই ফেচাঁটো ধৰি বিদ্যালয়খনৰ শিক্ষক সকলৰ ওচৰলৈ লৈ যায়। পোৱালি ফেচাঁটো প্ৰথমে এৰি দিয়াৰ কথা ভাবিছিল যদিও বিদ্যালয়খনত কাম কৰি থকা চিত্ৰ শিল্পী ছফিকুল ইছলামে দুষ্প্ৰাপ্য ফেচাঁটো বন বিভাগক গতাই দিবলৈ আগ্ৰহ প্ৰকাশ কৰি সাংবাদিকক অৱগত কৰে।

স্থানীয় সাংবাদিক আবুল খায়েৰে দলগাঁও আৰক্ষীক খবৰ দিয়ে আৰু দলগাঁও আৰক্ষীয়ে দৈপাম আৰক্ষীৰ সহযোগত বিৰল প্ৰজাতিৰ ফেচাঁটো লৈ বন বিভাগক গতাই দিয়ে। ইফালে, শ্বেতবৰ্ণৰ ফেচাঁটো চাবলৈ বিদ্যালয়খনত বহুলোকে ভিৰ কৰা পৰিলক্ষিত হয়। স্থানীয় লোকে ল’ৰাজনৰ সাহসীকতাৰ শলাগ লৈছে।

Related Articles

Leave a Reply

Close