অসমশীৰ্ষ

ভাৰত-ম্যানমাৰ সীমান্তত মৃত্যু অসমীয়া জোৱানৰ

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: বিগত চাৰি দিনে উদ্বিগ্ন সোণাপুৰৰ এটা পৰিয়াল। দুৰ্গোৎসৱৰ উৎসৱমূখৰ পৰিৱেশৰ মাজতো পৰিয়ালতো উদিগ্ন হৈ থকাৰ কাৰণ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মৃত্যু হোৱা বুলি এক বাতৰি।

মহানগৰৰ সমীপৰৰ সোণাপুৰৰ ডিগাৰু বটাকুছিৰ প্ৰবীণ চন্দ্ৰ বড়োৰ মৃত্যু। প্ৰবীন চন্দ্ৰ বড়ো ২৪ অসম ৰাইফছৰ হাবিলদাৰ। পৰিয়ালৰ লোকলৈ খবৰ আহিল যোৱা শনিবাৰে দিনৰ ৯ বজাত ভাৰত ম্যায়নমাৰ সীমান্তত পাহাৰৰ পৰা পানীত পৰি মৃত্যু হৈছে জোৱানজনৰ। কি পৰিস্থিতিত জোৱান জনৰ মৃত্যু হ’ল সবিশেষ পৰিয়ালক জনোৱা নাই অসম ৰাইফলছৰ উৰ্দ্ধতম মহলে।

আজি চাৰি দিন ধৰি মৃত জোৱান জনৰ মৃতদেহ বাসগৃহত আহি নোপোৱাত উদ্বিগ্ন পৰিছে পৰিয়াল বৰ্গ। কাইলৈ জোৱানজনৰ মৃতদেহ স্ব-গৃহলৈ আহি পোৱাৰ কথা।

Related Articles

Leave a Reply

Close