অসম

মন্ত্ৰীৰ দ্বাৰা বিতৰণ কৰা আই.বি.এছৰ ধন বৰ্তমানেও নাপালে হিতাধিকাৰীয়ে

বাদুলিপাৰৰ পৰা পাৰ্থ প্ৰতীম বৰুৱা, প্ৰথম খবৰ: গোলাঘাট জিলা বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই যোৱা ২ ছেপ্তেম্বৰ তাৰিখে ৰঙামাটি কৈবৰ্ত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত আটাইকেইতা ৱাৰ্ডৰ মাজত আই.বি.এছৰ ব্যক্তিগত হিতাধীকাৰী আঁচনি নেমু টেঙা পুলি বিতৰণ কৰিছিল।

হিতাধীকাৰীসকলে জনোৱামতে উল্লেখিত আঁচনিৰ নেমু টেঙা পুলি হিতাধীকাৰি সকলৰ মাজত স্থানিয় বিধায়ক তথা অসমৰ কৃষি মন্ত্রী অতুল বৰাই বিতৰণ কৰিছিল কিন্তু আজি পৰ্য্যন্ত তিনি মাহেও লাভ নকৰিলে হিতাধিকাৰীয়ে আঁচনিৰ ধন। সেয়ে স্থানীয় ৰাইজ তথা হিতাধিকাৰী সকলে মন্ত্ৰী অতুল বৰাৰ পুনৰবাৰ হস্তক্ষেপ বিছাৰিছে।

Related Articles

Leave a Reply

Close