
ডিমাকুছিৰপৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত অঞ্চল সমুহত প্ৰায়ে হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে আজি বুধবাৰে ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাখনৰ মাজুলী চাহ বাগিচাত উদ্ধাৰ হয় এটি ছয় সাত বছৰীয়া বন্যহস্তীৰ মৃতদেহ। দুপৰীয়া স্থানীয় ৰাইজে বন্যহস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে।
মৃত হাতীটোৰ গাত কোনোধৰণৰ আঘাতৰ চিন পোৱা হোৱা নাই যদিও বনবিভাগৰ লোকে খাদ্যৰ বিষক্ৰিয়াৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ সীমামূৰীয়া অঞ্চলটোত ধাৰাবাহিক বন্যহস্তীৰ মৃত্যুই প্ৰকৃতি প্ৰেমী তথা ৰাইজ সকলোকে হতাশ কৰি তুলিছে।