অসম

মাৰ্ঘেৰিটাত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: লিডু অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ পৰিষদে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰাপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওঁগৰ নেতৃত্বত অৰ্ধশতাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল কৰি যোগান মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰে।

Related Articles

Leave a Reply

Close