অসম

মাৰ্ঘেৰিটা মহকুমাত এন এচ চি এনৰ ধন দাবী সংগ্ৰহ, দাবী ধন আদায় কৰিবলৈ আহি আৰক্ষীৰ জালত এজন

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বজাৰৰ পৰা আজি আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই ৰাজু সোণাৰ নামৰ এন এচ চি এন (কে) ৰ ধন সংগ্ৰহকাৰী এজনক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অন্ঞ্চলত ধন দাবী আৰু সংগ্ৰহত জড়িত আছিল ধৃত সোনাৰ। বিগত ১৫ দিনৰ পৰা মাৰ্ঘেৰিটাৰ বৰঠাকুৰ উপাধিৰ চিকিৎসক এজনক ৯৮৬২৫১৩৫১৬ নম্বৰৰ মোবাইলৰে দাবী কৰি আহিছিল ধন।

আজি দাবী কৰা ধন আদায় কৰিবলৈ আহোঁতেই পূৰ্বৰ পৰা খাপ পিটি থকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সোণাৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাণ্ডু বস্তিৰ।

উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা মহকুমাত এন এচ চি এনৰ খাপলাং আৰু আই এম গোটৰ ব্যাপক প্ৰভাৱ আছে। দুয়োটা গোটেই ধন দাবী-সংগ্ৰহ আদিৰ লগতে বিভিন্ন কুটাঘাটমূলক কাৰ্যসূচীৰে সন্ত্ৰাস চলাই আহিছে।

Related Articles

Leave a Reply

Close