অসম

মৰঙিত এনআৰচিৰ সেৱা কেন্দ্ৰত ব্যাপক ব্যস্ততা

প্ৰথম খবৰ, মুৰফুলনি: চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেৱা কেন্দ্ৰসমূহৰ লগতে মৰঙি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা সেৱাকেন্দ্ৰতো ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। বাকী থকা কামসমূহ সম্পুৰ্ণ কৰিবৰ পৰা তিনিদিন ধৰি দিনে – নিশাই কাম চলিছে উক্ত কেন্দ্ৰটোত। ইয়াৰোপৰি ৰংদৈ গাঁও পঞ্চায়ত, ৰঙাজান গাঁও পঞ্চায়ত, ৰংবং গাওঁ পঞ্চায়ত, পংকা গাঁও পঞ্চায়ত, ফুলবাৰী গাঁও পঞ্চায়ততো জোৰদাৰ গতিত কাম আগবাঢ়িছে বুলি জানিব পৰা গৈছে।

আনহাতে এন আৰচি কৰ্মীসকলক সহায় কৰিবলৈ আজি শিক্ষাদানৰ পৰা বিৰত থাকি হাইস্কুলৰ শিক্ষকসকলেও এনআৰচি সেৱাকেন্দ্ৰ তথা শাখা কেন্দ্ৰত উপস্থিত থাকিবলগীয়া হয়। তাৰেই পৰিপ্ৰেক্ষিতত একাংশ অভিভাৱকে কয় যে মানৱ সম্পদ গঢ় দিয়াত ব্যস্ত থকা শিক্ষক সমাজক এনেদৰে এনআৰচিৰ কামত লগালে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হোৱাটো খাটাং। অন্যহাতে , এন আৰচিৰ কামত মাত্ৰ দুদিনহে শিক্ষকসকলক নিয়োগ কৰা হৈছে বুলি মৰঙিৰ এলআৰচিআৰ গৰাকীৰ পৰা জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close