অসম

লংকাৰ কাকীত বেংক কৰ্মচাৰীৰপৰা দুৰ্বৃত্তই লুটিলে ১.২৭ লাখ টকা 

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: পুনৰ নিৰাপত্তা ব্যবস্থাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সোমবাৰে বিয়লি ভাগত লংকাৰ কাকীত বাইকত অহা অচিনাকী দুই দুৰ্বৃত্তই সংঘটিত কৰে এক দিন ডকাইটি কাণ্ড। নম্বৰ প্লেট বিহীন বাইকত অহা দুই দুৰ্বৃত্তই বন্ধন বেংকৰ এজন কৰ্মচাৰীক দিন দুপৰতে লুটপাত কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে লংকাৰ কাকীত।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, বন্ধন বেংকৰ এই জন কৰ্মচাৰী টিংকু বৈদ্যই সোমবাৰে বিয়লি ভাগত দিনটোৰ সংগৃহীত ১.২৭ লাখ টকা কাকী চলচলিৰ পৰা বন্ধন বেংকত জমা দিবলৈ বুলি আহি আছিল। ইফালে বেংক কৰ্মচাৰীজন গৈ থকা অৱস্থাত এখন নাম্বাৰ প্লেট বিহীন পালছাৰ বাইকত অহা হেলমেট পৰিহিত দুজনীয়া দুৰ্বৃত্তই বেংকৰ কৰ্মচাৰীজনক পথৰ মাজতে আগভেটি ধৰি ভাবুকি প্ৰদান কৰি টকাৰ বেগটো কাঢ়ি লৈ নিৰ্বিঘ্নে আঁতৰি যায়।

এই ঘটনা সন্দৰ্ভত বেংক বিষয়া টিংকু বৈদ্যয়ে জনাইছে যে,ডকাইটি হোৱা ধনৰ পৰিমাণ ১লাখ ২৭ হাজাৰ টকা। বৰ্তমান ভুক্তভোগী বেংক কৰ্মচাৰী জনে কাকী থানাত উপস্থিত হৈ ডকাইটি সন্দৰ্ভত দিয়া এজাহাৰ ভিত্তিত কাকী আৰক্ষীয়ে তদম্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তৰ কোনো শুং সূত্ৰ উলিয়াব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close