অসম

লখিমপুৰত জিলা কংগ্ৰেছ এম মাৰ্টৰ জাতিৰ পিতাক ষ্মৰণ

প্ৰথম খবৰ, লখিমপুৰঃ সমগ্ৰ দেশৰ লগতে লখিমপুৰতো পালিত হ’ল গান্ধী জয়ন্তী। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৪৯ সংখ্যক জন্মদিন উপলক্ষে দেশবাসীয়ে পালন কৰা গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি লখিমপুৰ জিলা কংগ্ৰেছেও ৰাজীৱ ভৱনত আয়োজন কৰে বৰ্ণাঢ্য কাৰ্যসূচী। আজি পুৱা লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডঃ জয়প্ৰকাশ দাসে জাতিৰ পিতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী তৰ্পণ আৰু বন্তি প্ৰজ্জ্বলনেৰে গান্ধী জয়ন্তীৰ কাৰ্যসূচী মুকলি কৰাৰ পাছতে ৰাজীৱ ভৱনত অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। দুপৰীয়া অনুষ্ঠিত মুকলি সভাত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী কননাথ ফুকন, বাপাৰাম দাস, অপেল হাজৰিকা, সুপ্ৰভা মেধি, অমৃত ভূঞা, জ্যোতি গগৈ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ গগৈ, গংগাজ্যোতি টায়েগাম সহ জিলা কংগ্ৰেছ, সেৱাদল, যুৱ কংগ্ৰেছ, এন.এচ.ইউ.অাই, মহিলা কংগ্ৰেছৰ শতাধিক সদস্য সদস্যা তথা কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। লখিমপুৰ নগৰৰ চি.ডি. ৰোড স্থিত এম মাৰ্টেও আজি দিনজোৰা কাৰযসূচীৰে গান্ধী জয়ন্তী পালন কৰে। গান্ধী জয়ন্তী উপলক্ষে আজি এম মাৰ্টে লখিমপুৰৰ কল্যাণী মহিলা সমাজৰ সহযোগত উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, আবৰ্ত ভৱন, ডঃ বি.আৰ.আম্বেদকাৰ প্ৰতিমূৰ্তি চৌহদ, পৌৰসভাৰ কাৰ্যালয়কে ধৰি নগৰখনৰ বিভিন্ন ঠাইত স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযেগিতা অনুষ্ঠিত কৰে।

Related Articles

Leave a Reply

Close