অসম

লালুকত ড°ৱভূপেন হাজৰিকা ষষ্ঠ মৃত্যু বাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি তুংগত

লালুকৰ পৰা বিতোপন শইকীয়া, প্ৰথম খবৰ: লালুকত ড° ভূপেন হাজৰিকা সাংস্কৃতিক সুৰক্ষা মঞ্চৰ উদ্যোগত অহা ৫নবেম্বৰ ২০১৭ তাৰিখে লালুক হাস্পতাল চাৰিআলিত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ড° ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী দিৱসটি আয়োজন কৰিছে। উক্ত দিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাৰ ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা ওপৰিও উত্তৰ পূৱ জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পুৱাৰ ভাগত মঞ্চই এটি সুৰ সমদল উলিওৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

ভানলাল বোৱানাই সভাপতিত্ব কৰা জিতেন ফুকনে আতধৰা সভাত জোৎস্না বৰুৱাক সভাপতি জিৎ মুদৈ আৰু হবিবুৰ আলিক উপসভাপতি বিতোপন শইকীয়াক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰি দিয়ে। ষষ্ঠ মৃত্যু বাৰ্ষিকীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মঞ্চই সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা লগতে ৰাতিলৈ আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা ভূপেন হাজৰিকা সৃষ্টি সংগীত পৰিৱেশন কৰিব বুলি মঞ্চই জানিবলৈ দিয়ে। সভাপতি আৰু সম্পাদকে উক্ত দিনাৰ সমূহ কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Close