অসম

লাহোৱাল পূজা সমিতিলৈ প্ৰশাসনৰ শ্ৰেষ্ঠ পূজা সমিতিৰ সন্মান

টীয়কৰ পৰা সমীৰন বৰঠাকুৰ,প্ৰথম খবৰ: কোন পূজা মন্দপ কিমান ধুনীয়া বা কোন পূজা মন্দপ কিমান ব্যয়বহুল আদিক লৈ বৰ্তমান সততে দেখা পোৱা যায় প্ৰতিযোগিতা৷ কিন্তু এই সকলো বিষয়ৰ পৰা আঁতৰি আধ্যাত্মিকতা আৰু পৰিষ্কাৰ-পৰিছন্নতা তথা প্ৰশাসনীয় সকলো নীতি নিয়মৰ ওপৰত কোন পূজা সমিতি সজাগ তাক লৈ টীয়কত প্ৰশাসনে অনুস্থিত কৰিল এক প্ৰতিযোগিতা৷ বৃহত্তৰ টীয়কৰ ভিন্ন প্ৰান্তৰ পূজা সমিতিৰ মাজৰ পৰা প্ৰশাসনে নিৰীক্ষক হিচাপে নিয়োগ কৰা অঞ্জন প্ৰকাশ বৰুৱা আৰু বিজু কুমাৰ শৰ্মাৰ নিৰীক্ষণত লাহোৱাল সাৰ্বজনীন দুৰ্গা পূজা সমিতিলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পূজা সমিতিৰ সন্মান৷ ইয়াৰ লগতে দ্বিতীয় সন্মান হাহঁচৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতি আৰু তৃতীয় সন্মান জগদুৱাৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিলৈ আগবঢ়োৱা হৈছে৷ ইয়াৰ উপৰিও জাঁজীমুখ সাৰ্বজনীন দুৰ্গা পূজা সমিতিলৈও বিশেষ সন্মান আগবঢ়াইছে৷ এই সকলো সন্মান আনুস্থানিকভাৱে ২৬ জানুৱাৰীত জনোৱা হ’ব বুলি টীয়ক নগৰ সমিতিৰ অধ্যক্ষ ৰফিক উজ জামান ডাঙৰেয়াই প্ৰথম খবৰক জনাইছে৷

Related Articles

Leave a Reply

Close