অসম

শালনা বন বিভাগৰ অভিযান, দুটা অবৈধ কাঠ মিল জব্দ

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ কাৱৈমাৰী আৰু শিৱস্থানত বন বিভাগৰ এটা দলে আজি পুৱা পৃথকে পৃথকে অভিযান চলায় দুটাকৈ অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, বন বিভাগৰ দলটোৱে কাৱৈমাৰীত অভিযান চলায় ৰুফুল আলী নামৰ ব্যক্তি জনৰ অৱৈধ কাঠ মিলটো জব্দ কৰে।

ইয়াৰ পাছতেই শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে চামগুৰিৰ শিৱস্থানত অভিযান চলায়, অভিযান কালত বন বিভাগৰ দলটোৱে শিৱস্থানৰ হাছেন আলী নামৰ ব্যক্তি জনৰ অবৈধ কাঠ ফলা মিলটো জব্দ কৰে, ইফালে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌত আজি দুপৰীয়া বন বিভাগৰ এটা দলে এখন অবৈধভাৱে বালি কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, চোৰাং কাঠ বেপাৰীয়ে গোপনে পাহাৰৰ গছ-গছনি কাটি পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সময়তে শালনা আঞ্চলিক বন বিষয়া গৰাকীয়ে নতুনকৈ দায়িত্ব লৈয়ে অবৈধ কাঠ মিল আৰু চোৰাং কাঠৰ ওপৰত চলোৱা এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতেদি দায়িত্ব লৈয়ে অবৈধ কাঠ মিল আৰু চোৰাং কাঠৰ ওপৰত অবিৰতভাৱে অভিযান চলোৱা শালনা আঞ্চলিক বন বিষয়াগৰাকীৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।

Related Articles

Leave a Reply

Close