অসম

শিৱসাগৰৰ লালিমছিগাত সবাহ ভাওনা অায়োজন, দিলিপ শইকীয়াক প্ৰদান কৰা হ’ব ভাওনাশ্ৰী উপাধি

গৌৰীসাগৰৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ৫৬৯ সংখ্যক জন্মজয়ন্তী লগত সংগতি ৰাখি অসমৰ অন্যতম এটি চিৰপৰিচিত ভাওনা দল সাতসৰী ফাউণ্ডেচনৰ উদ্যোগত অাৰু লালিমছিগা দ-তিনিকুৰীয়া যুৱ প্ৰজন্মৰ অতিথ্যত শিৱসাগৰ জিলাৰ অামগুৰি অঞ্চলৰ লালিমছিগা শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰত এদিনীয়া বণাঢ্য কাৰ্যসূচীয়ে অায়োজন কৰিছে শঙ্কৰদেৱ গুৰুজনা জন্মজয়ন্তী অাৰু সাতসৰী ভাওনা দলৰ বাৰ্ষিক সবাহ ভাওনা। কাৰ্যসূচী অনুসৰি পুৱা ৬.৩০বজাত পতাকা উত্তোলন কৰিব ভীমকান্ত গগৈয়ে,৬.৪৫বজাত স্মৃতি তৰ্পন কৰিব ফণীধৰ গগৈয়ে। পুৱা ৮বজাৰ পৰা চলিব নামকীত্তৰ্ন,অাবেলি ৩বজাত দ-তিনিকুৰীয়া মহিলা সমাজে দিহানাম পৰিবেশন কৰিব এই অনুষ্ঠান উদ্ধোধন কৰিব বিশিষ্ট সমাজকৰ্মী দিনেশ্বৰ গগৈয়ে।

সন্ধিয়া ৫বজাত বন্তি প্ৰজ্বলন হোৱা পাছতেই ৬বজাত সন্ধ্যা অনুষ্ঠান উদ্বোধন কৰিব অামগুৰি থানা অাৰক্ষী বিষয়া নৱ কুমাৰ দাসে। সন্ধিয়া ৬.৩০বজাৰ পৰা অনুষ্ঠিত হ’ব “অাধুনিকতা হাতোৰাত ভাওনা অাৰু ইয়াৰ প্ৰতিকাৰ” শীৰ্ষক এক বক্তৃতা অনুষ্ঠান। এই অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সচিব অজয় বৰুৱা। এই গাম্ভীয্যপূৰ্ণ অনুষ্ঠানতে অসমৰ ভাওনা সংস্কৃতিৰ প্ৰচাৰ অাৰু প্ৰসাৰৰ হকে অাগবঢ়োৱা অন্যবদ্য অৱদানৰ বাবে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা নাট্যশিল্পী দিলিপ শইকীয়াক অাগবঢোৱা হব “সাতসৰী ভাওনাশ্ৰী” উপাধি সন্মান। এই সন্মানীয় উপাধি বঁটাটি প্ৰদান কৰিব শংকৰী সংস্কৃতিৰ এজন জেষ্ঠ সাধক ডিম্বেশ্বৰ গগৈয়ে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত জিলাখনৰ বহুকেইজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকিব। ইয়াৰ পাছতেই ৮.৩০বজাৰ পৰা প্ৰৰ্দশন হব সাতসৰী নিবেদিত”হৰিশ্চন্দ্ৰ উপ্যাখ্যান” নামৰ ভাওনা। উক্ত ভাওনাখন উদ্বোধন কৰিব বিশিষ্ট ভাওনাকৰ্মী উৎপল খনিকৰে। উক্ত দিনটো সনুহ কাৰ্যসূচীত জিলাখনৰ সমুহ ৰাইজৰ সহযোগিতা অাৰু উপস্থিতি কামনা কৰিছে সাতসৰী হৈ সিদ্ধাৰ্থ বড়াই।

Related Articles

Leave a Reply

Close