অসমশীৰ্ষ

শিৱসাগৰ গেলেকীত লোমহৰ্ক হত্যাকাণ্ড, স্বামীৰ হাতত প্ৰাণ গ’ল গৰ্ভৱতী পত্নীৰ

নামতি পৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ গেলেকী থানাৰ ওখটিং গাঁৱত যোৱা নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। সুৰাৰ ৰাগিত মাতাল হৈ নিজ স্বামীয়ে হত্যা কৰিলে গর্ভৱতী পত্নীক।

ঘটনা সন্দর্ভত জানিব পৰা মতে, গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তৰ অন্তর্গত ৩ নং ৱাৰ্ডৰ উক্ত গাওঁখনৰ ৰঞ্জিত (যম) শইকীয়া নামৰ নৰপিশাচটোৱে আনদিনৰ দৰে যোৱা নিশা অর্থাৎ কাতি বিহুৰ দিনাও সুৰা ৰাগিত মাতাল হৈ পত্নী আৰু সন্তানক অত্যচাৰ চলাইছিল। অৱশেষত ৰঞ্জিত শইকীয়াই অত্যচাৰৰ সীমা চেৰাই তিনি কন্যা সন্তানৰ মাতৃ তথা পূৰ্ণৰ ৯ মহীয়া গৰ্ভৱতী পত্নী মৰমী ফুকন শইকীয়া নামৰ মহিলা গৰাকীক পেটত গোৰিয়াই গোৰিয়াই গছকি পত্নীৰ গৰ্ভৰ পৰা সন্তান প্ৰসৱ কৰাই। মহিলা গৰাকী গৰ্ভত থকা সন্তানটিয়ে নাভি চিঙি প্ৰসৱ হোৱা লগে লগে মহিলাগৰাকী মৃত্যু হয়। লগে লগে ৰণজিৎ শইকীয়াই সন্তানটো এখন কাপোৰে মেৰিয়াই বিচনা তলত পেলাই থৈ স্বামী সেই স্থানৰ পৰা পলায়ন কৰে।

ইফালে স্থানীয় লোকে ঘটনা সন্দর্ভত গেলেকী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত গেলেকী আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা আৰু নাজিৰা মহকুমা আৰক্ষী চক্ৰ বিষয়া মহেন্দ্ৰ মোহন শইকীয়া উপস্থিত হৈ ঘটনা সবিশেষ তদন্ত কৰা লগতে সন্তান সহ মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

‌‌‌

Related Articles

Leave a Reply

Close