অসম

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট 

প্ৰথম খবৰ, শিৱসাগৰ: টাই আহোম যুৱ পৰিষদ, অসম কেন্দ্ৰীয় সমিতিয়ে আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসমৰ জলন্ত সমস্যা সমুহৰ ওপৰত মুঠ ১৩ টা দাবীৰে দিনযোৰাকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ জনজাতিৰ পৰিক্ৰমা মন্ত্ৰীলৈও শিৱসাগৰ জিলা উপায়ুক্তৰ যোগে দাবী সম্বলীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্মাৰক পত্ৰ খনত সংগঠনটোৱে উল্লেখ কৰিছে ২০১৪ চনৰ সংসদীয় আৰু ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ জলন্ত সমস্যা সমুহ সামাধানৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া হ’ব বুলি কোৱাৰ পাছতো আজিলৈকে জনজাতিকৰণৰ কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত নহ’ল।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়াৰ লগতে উজনি আৰু উত্তৰ অসমৰ স্মাৰক পত্ৰত উল্লেখকাৰ সমূহ সমস্যা শীঘ্ৰে সামাধান কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই। তেখেতসকলৰ দাবীত গত নিৰ্বাচনীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি টাই আহোম জনগোষ্ঠীক সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি অতিশীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰক। উজনি আৰু উত্তৰ অসমৰ ৰাইজৰ সুবিধাৰ্থে দিছপুৰস্থিত সচিবালয়কে ধৰি সকলো বিভাগৰ আয়ুক্ত, সঞ্চালক পৰ্য্যায়ৰ কাৰ্যালয় সংলগ্ন কৰি৬০০ বছৰীয়া আহোম প্ৰশাসনৰ ৰাজসাক্ষী ঐতিহাসিক ৰংপুৰত ( শিৱসাগৰ ) এখনি সুকীয়া ৰাজধানী প্ৰতিষ্ঠা কৰক।

তদুপৰি উত্তৰ অসমৰ ( ধেমাজি , লক্ষীমপুৰ , জোনাই , ঢকুৱাখানা) যিকোনো জিলা বা মহকুমাত দুখন বিশ্ববিদ্যালয়ৰ , দুখন কাৰিকৰী মহাবিদ্যালয় আৰু দুখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা , ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ বুকুত নিৰ্মিয়মান বগীবিল দলং স্বৰ্গদেউ চুকাফাৰ নামত নামাকৰণ কৰা, অসমৰ বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তি চিহ্ন সমূহক চিহ্নিত কৰি বেদখল মুক্ত কৰি সৌন্দৰ্যবৰ্দ্ধনেৰে পৰ্যটকৰ আকৰ্ষণীয় কৰা, ঐতিহাসিক চে- ৰাই- ডয় মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষনা কৰা, পূৰ্বৰ চৰকাৰে ঘোষনা কৰা ঐতিহাসিক জেৰেঙা পথাৰৰ জয়মতী কলা ক্ষেত্ৰ স্থাপন কৰা ,অসমৰ শিক্ষানুষ্ঠানত বুৰঞ্জী আৰু ভূগোল বিষয় মাধ্যমিক স্তৰলৈকে বাধ্যতামূলক কৰা, টাই আহোম নিবনুৱা যুৱক যুৱতীৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে সুকীয়া আঁচনি যুক্ত ৫০০ কোটি টকা আৰ্থিক পুঁজি আৱণ্টন দিয়া, আহোম জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ ৪৫ টা বিধান সভা সমষ্টি আৰু ৬ টা লোকসভা সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা , আহোম জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক অইল / অ . এন . জি . চি আদি প্ৰতিষ্ঠানত শতকৰা পঞ্চাশ শতাংশ নিযুক্তি নিশ্চিত কৰা, অসমৰ টাই আহোম যুৱক সকলক লৈ অসমত এটা চাওদাং বেটেলিয়ন গঠন কৰাৰ দাবীৰে এখন স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ যোগে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, আৰু বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে।

স্মাৰক পত্ৰ প্ৰেৰণৰ আগমুহূৰ্তত সংগঠনটোৱে এই দাবী সমুহেৰে শ্ল’গানেৰে উত্তাল কৰি তোলে অৱস্থানস্থলী। অন্যথাই সংগঠনটোৱে গণতান্ত্ৰীকভাৱে অতি জংগী আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৰ সভাপতি চাও হেমন্ত চাংমাই সম্পাদক চাও জয়নাৰায়ণ বুঢ়াগোঁহায়ে স্মাৰক পত্ৰ যোগে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close