অসমশীৰ্ষ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস

নিউজ ডেস্ক,প্ৰথম খবৰ: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস অক্টোৱৰৰ ৭ আৰু ৮ তাৰিখে বঙাইগাঁও জিলা শাখাৰ আতিথ্যত চতুৰ্ভূজ ঠাকুৰ সমন্বয় ক্ষেত্র,নৰ্থ বঙাইগাঁও হাইস্কুল খেলপথাৰত অনুষ্ঠিত হব| আদৰণী সমিতিৰ হৈ অমৰেন্দ্ৰ দাসক সভাপতি,ফণী শীলক কাৰ্য্যকৰী সভাপতি,অশোক ফৌজদাৰক সম্পাদক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে| ৭ অক্টোবৰত সন্ধ্যা ৫.৩০ বজাত বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব| ৮ অক্টোবৰত ধৰ্মধ্বজা উত্তোলন কৰিব শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই| পুৱা ১১ বজাত ‘অসমৰ জাতি-জনগোষ্ঠীৰ সংহতি সাধনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হব| আলোচনা চক্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা,প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা,বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ চন্দ্ৰ দাস,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ট্ৰাষ্ট সমিতিৰ সভাপতি বাবুল বৰা,ডি ৱাই ৩৬৫ৰ ৰাজনৈতিক সম্পাদক অনুপম চক্ৰৱৰ্ত্তী,তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পংকজ বৰা,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱা,বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফণী ভূষণ চৌধুৰীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি কেন্দ্ৰীয় সেৱা বাহিনীৰ উপ- মুখ্য অধিনায়ক তপন কুমাৰ ৰায় আৰু প্ৰচাৰ উপ-সমিতিৰ সভাপতি ভৱেশ দাসে জানিবলৈ দিয়ে|

Related Articles

Leave a Reply

Close