কবিতাসাহিত্য

শৰৎ

বিউতি বৰুৱা বৰা:

শৰতৰ শেৱালীৰ ফুলাৰ প্ৰাৰ্গ মূহুৰ্তত
নূপুৰৰ,
জুনুক জুনুক শব্দ
যত মই উন্মুক্ত হৈ পৰিছিলো

শৰতৰ সুৱাস পায়
যৌৱনত পথৰ……..
সন্ধান বিচাৰি
হাবাথুৰি খাইছিলো।

অন্ততঃ
শৰতৰ নূপুৰৰ শব্দ
বহুত দূৰৈত
ৰিণি ৰিণি বাজে
জুনুক জুনুক
কানপাতি শুনি
ৰওঁ মই
শেৱালী ফুলাৰ সময়ত।
শৰৎ এনেকৈয়ে আহে
আন্ধাৰ নাশি পোহৰ সিঁচিবলৈ,
শৰৎ এনেকৈয়ে আহে
হতাশা নাশি প্ৰেৰণা দিবলৈ….।

Related Articles

Leave a Reply

Close