অসম

সদৌ অসম সূৰ্য্য বৰা একাঙ্ক নাট প্ৰতিযোগিতাৰ সফল সামৰণি 

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: বিশ্বনাথ চাৰিআলিৰ বিনাপানী নাট্য মন্দিৰত দুদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম সূৰ্য্য বৰা একাঙ্ক নাট প্ৰতিযোগিতা খনি যোৱা কালি সফল ভাৱে সামৰণি হয় । প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন স্থানৰ পৰা অহা মুঠ ১৯ টা নাট্য দলে অংশ গ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ ফলাফল সমূহ হল- শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে নগাঁৱৰ প্ৰছেনিয়াম নাট্য দলে, ২য় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে নগাঁৱৰ জোতিবিশ্ব নাট্য দলে, ৩য় নাট্য দল : সম্বন্ধয় ক্ষেত্ৰ (নলবাৰী), শ্ৰেষ্ঠ পৰিচালক :নৱজ্যোতি বৰা, ২য় শ্ৰেষ্ঠ পৰিচালক :দেৱাশীষ বৰুৱা, ৩য় শ্ৰেষ্ঠ পৰিচালক: শতদল বৈশ্য, শ্ৰেষ্ঠ নাট্যকাৰ: বিন্টু বৰা, ২য় শ্ৰেষ্ঠ নাট্যকাৰ: সীমান্ত কলিতা, ৩য় শ্ৰেষ্ঠ নাট্যকাৰ: সুচিন্দ্ৰ শৰ্ম্মা, শ্ৰেষ্ঠ অভিনেতা: নয়নমনি লহকৰ, ২য় শ্ৰেষ্ঠ অভিনেতা: ৰঞ্জন তালুকদাৰ, ৩য়: অঞ্জন বাঢ়ৈ, শ্ৰেষ্ঠ অভিনেত্ৰী: অদ্ৰিষ্ণা, ২য় শ্ৰেষ্ঠ অভিনেত্ৰী: ধৰিত্ৰী শইকীয়া, ৩য় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে লিজা ভূঞাই। ইয়াৰ উপৰিও বিচাৰকৰ বিশেষ বঁটা হিচাপে তিনিজন শিল্পীয়ে পুৰস্কাৰ লাভ কৰে।

 

Related Articles

Leave a Reply

Close