অসম

সাংস্কৃতিক বিষয়াৰ অপসংস্কৃতি, পৰস্ত্ৰী লগত অবৈধ অভিষাৰত লিপ্ত থকা বিষয়াক হাতে লোটে ধৰিলে পত্নী-পুত্ৰ-কন্যা

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰ জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাস চাকৰি সুত্ৰে গুৱাহাটীৰ পৰা তেজপুৰলৈ বদলি হৈ অহাৰ পিছত তেজপুৰৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক চলাই আহিছিল। বিষয়টো জানিব পাৰি জয়ন্ত দাসৰ ধৰ্ম পত্নী, তেওঁৰ পুত্ৰ আৰু কন্যাই তেজপুৰত বাহৰ পাতি গোপনে অনুসন্ধান চলায়।

আজি পুৱা বিষয়াগৰাকী অবৈধ অভিষাৰত লিপ্ত থকা অৱস্থাতে পত্নী সহ পৰিয়ালৰ লোকে হাতে লোটে ধৰা পেলায়। ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্বামীৰ তেনে দেখি উত্তেজিত হৈ পৰে আৰু পত্নীয়ে স্বামীক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ পিছতে স্বামী অবৈধ প্ৰেমিকাৰ আত্মীয়ই পত্নী পুত্ৰ আৰু কন্যাক আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Close