অসম

সোণাৰিত চৰাইদেউ উপায়ুক্ত কাৰ্যালয় ঘেৰাও

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: চৰাইদেউ জিলাৰ ভাস্কৰ টি কোম্পানীৰ অধীনৰ টিঙ্গালীবাম চাহ বাগিছাৰ প্ৰায় তিনি শতাধিক শ্ৰমিকে ঘেৰাও কৰে চৰাইদেউ উপায়ুক্ত কাৰ্যালয়। ভাস্কৰ টি কোম্পানী অধীনৰ টিঙ্গালীবাম চাহ বাগিছাৰ কৰ্তৃপক্ষই শ্ৰমিকসকলক বহু দিনৰ পৰাই শোষন চলাই আহিছে। প্ৰাপ্যৰ পৰাও বঞ্চিত কৰিছে শ্ৰমিক সকলক।

আজি চাৰি মাহ ধৰি শ্ৰমিকসকলক দৰমহাৰ লগতে ৰেচন আদায় দিয়া নাই বাগিছা কৰ্তৃপক্ষই । ক্ষোভিত শ্ৰমিকসকলে টিঙ্গালীবাম চাহ বাগিছাৰ পৰাই পদব্ৰজে আহি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি বাগিছা কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

ইফালে চাহ বাগিচাখনৰ পৰিচালকজনে শ্ৰমিকক মজুৰি প্ৰদান নকৰি পলায়ন কৰাৰ অভিযোগ কৰিছে শ্ৰমিক ৰাইজে।

Related Articles

Leave a Reply

Close