অসম
ৰঙিয়াত প্ৰজাপিতা ব্ৰহ্মাকুমাৰীৰ সন্মান সমাৰোহ

প্ৰথম খবৰ, ৰঙিয়া : বিগত প্ৰায় ৫০ বছৰ ধৰি বিশ্ব শান্তিৰ বাবে ত্যাগ স্বীকাৰ কৰি নিৰলস ভাৱে কাম কৰি যোৱা প্ৰজাপিতা ব্ৰক্ষকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশৰ মুখ্য সঞ্চালিকা ৰাজযোগিনী শিলা বাইদেউৰ সম্মান সমাৰোহ ৰঙিয়াৰ ঐতিহাসিক শিৱ মন্দিৰ প্ৰাঙ্গণত ঈশ্বৰীয় সেৱাত সমৰ্পিত ৫০ বছৰ পূৰ্তি উপলক্ষে আজি এখনি বিশেষ ” সন্মান সমাৰোহ ” অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয় মুম্বাইৰ নীলম দেৱীজী, জোনালী বেহেনজী, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ইলাদেৱী অধিকাৰীসহ কেইবা গৰাকী আমন্ত্ৰিত অতিথিয়ে।
অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে ৰাজযোগিনী ব্ৰক্ষাকুমাৰী শীলা বাইদেউয়ে। অনুষ্ঠানত শিলাবাইদেউক বিপুল ভাৱে সম্মান জনোৱাৰ উপৰিও কেক কাটি উদযাপন কৰা হয় । অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভক্ত উপস্থিত থাকে ।