অসম

ৰঙিয়া মহকুমা প্ৰশাসনীয় কৰ্মচাৰী সন্থাৰ তিনিদিনীয়া অসহযোগ, ৰাজহ চক্ৰটো ৰূপায়ন  প্ৰতিবাদ

প্ৰথম খবৰ, খবৰ: অসমৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলাৰ  ৰঙিয়া মহকুমাটো প্ৰশাসনীয় কৰ্মচাৰী সন্থাই ৰূপায়ন কৰিছে  তিনিদিনীয়া অসহযোগ। ৰাজ্যৰ প্ৰশাসনীয় কৰ্মচাৰীসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি তিনিদিনীয়া  কৰ্মবিৰতি আৰম্ভ কৰিছে  প্ৰশাসনীয় কৰ্মচাৰীয়ে। চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণৰ অভিযোগত এই সকল প্ৰশাসনীয় কৰ্মচাৰীয়ে আৰম্ভ কৰা কৰ্মবিৰতি প্ৰতিবাদে মহকুমাটোৰ স্তব্ধ কৰিলে চৰকাৰী কাম-কাজ।

প্ৰশাসনিক কৰ্মচাৰী সকলে মূলতঃ  পদবীৰ শিক্ষাগত অৰ্হতা অনুযায়ী গ্ৰেড পে’ প্ৰদান কৰা, জাৰীকাৰক আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী সকলৰ বাবে সুকীয়া গ্ৰেড পে প্ৰদানৰ ব্যৱস্থা কৰা, চৰকাৰে অভিসন্ধিমূলকভাৱে কৰ্মচাৰী সকলক বদলি নকৰি পূৰ্বৰ দৰে বাহাল ৰখাৰ, মুখ্য জাৰীকৰক আৰু মুখ্য পিয়নৰ পদ পূৰ্বৰ দৰে বাহাল ৰখা, ৰাজহ চিৰাস্তদাৰ আৰু প্ৰশাসনিক বিষয়াৰ গ্ৰেড পে ২৫/০৮/২০১৭ তাৰিখৰ চৰকাৰী অধিসূচনাৰ অনুযায়ী বাহাল ৰখা আদিৰ দাবীত ৰাজ্যজুৰি আৰম্ভ কৰা প্ৰতিবাদ অব্যাহত  ৰঙিয়া মহকুমাৰ মহকুমাধিপতি  কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ কৰ্মচাৰী সকলে একত্ৰিত হৈ কৰ্মবিৰতি পালন কৰাৰ লগতে কাৰ্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰো ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। শীঘ্ৰে দাবী সমূহ ৰূপায়ন নকৰিলে অনাগত সময়ত ইয়াতকৈ অধিক কঠোৰ কায্যসূচী ৰূপায়নৰো হুংকাৰ দিয়ে প্ৰশাসনিক কৰ্মচাৰী সংগঠনৰ ৰঙিয়া মহকুমা প্ৰশাসনিক সমিতিয়ে ।

Related Articles

Leave a Reply

Close