অসম

ৰাজেন গোহাঁইক সকীয়নি নিবনুৱা সন্থাৰ

প্ৰথম খবৰ, লখিমপুৰঃ ২৬ লক্ষ নিবনুৱাৰ সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল চৰকাৰক কঠোৰ সকীয়নি দিছে সদৌ অসম নিবনুৱা সন্থাই। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নীলমনি হাজৰিকাই ৰে’ল বিভাগত নিযুক্তিৰ ক্ষেত্ৰত এজনো অসমৰ থলুৱা নিবনুৱাক নিযুক্তি দিব নোৱাৰাৰ অভিযোগ তুলি ২০১৯ ত অসমৰ ৰাইজে ৰাজেন গোহাঁইক জবাবদিহি কৰিব বুলি তীব্ৰ সকীয়নি প্ৰদান কৰে। তেখেতে লগতে নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ নামত নিযুক্তিৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থাৰ বাবে স্থানীয় থলুৱা নিবনুৱা সকল বঞ্চিত হব লগা হোৱা বুলি উল্লেখ কৰি অনলাইন প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰাৰো দাবী জনায়।

একেদৰে শেহতীয়াকৈ নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচৰ নিৰ্দেশ অনুসৰি নিযুক্তিৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত পঞ্জীয়ন ব্যৱস্থা প্ৰৱৰ্তন হ’লে অসমৰ দৰে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখন চুড়ান্তভাৱে বঞ্চিত হ’ব বুলি উল্লেখ কৰি সৰ্বভাৰতীয় পৰ্যায়ত পঞ্জীয়ন ব্যৱস্থাৰো বিৰোধীতা কৰে সদৌ অসম নিবনুৱা সন্থাই। অন্যহাতে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দুৰ্নীতি নিৰ্মূলৰ লগতে প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত তথা অসমৰ সামগ্ৰীক সমস্যা আৰু জাতীয় আশা আকাংক্ষা পূৰণত চুড়ান্তভাৱে ব্যৰ্থ হোৱাৰো অভিযোগ তুলিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে নিজাববীয়াকৈ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আনৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা ৰাকেশ পাল, মহত তালুকদাৰৰ দৰে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সঠিক তদন্ত নকৰি জামিনত যোৱাৰ সুৰুঙা উলিয়াই দিয়া কাৰ্যই প্ৰকৃততে মূখ্যমন্ত্ৰীগৰাকীৰ দূৰ্নীতি বিৰোধী স্থিতিক লৈ সন্দেহৰ সৃষ্টি কৰা বুলিও অভিযোগ তোলে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম বাধাগ্ৰস্ত কৰাৰ বাবেই মুষ্টিমেয় দল আৰু সংগঠনে খিলঞ্জীয়াৰ প্ৰসঙ্গৰে নিকৃষ্ট ৰাজনীতি কৰা বুলি উল্লেখ কৰি ১৯৫১ ৰ পৰা ১৯৭১ ৰ ভিতৰত অহা সকলো লোককে সাধাৰণ নাগৰিকৰহে মৰ্যাদা দিয়াৰ সপক্ষে মত প্ৰকাশ কৰে। সংবৈদমেলখনত সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱা, সহকাৰী সাধাৰণ সম্পাদক কৰুণা শৰ্মা, সাংগঠনিক সম্পাদক কল্পনাথ হালৈ, লখিমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস, সাধাৰণ সম্পাদক ক্ষীৰোদ চেতিয়াও উপস্থিত থাকে।

Related Articles

Leave a Reply

Close