অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ দুই কৃতিমান 

নিউজ ব্যুৰ, প্ৰথম খবৰ: নগাঁৱৰ শুভ্ৰজ্যোতি বৰাই ২০১৬ বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হায়দৰাবাদৰ ৰাষ্ট্ৰীয় পুলিচ একাডেমীত সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰে । শুভ্ৰজ্যোতিয়ে ‘POLICE ETHIES AND HUMAN RIGHTS’ শাখাত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি কৰিবলৈ সক্ষম হয়। লগতে ‘অৰুণ কুমাৰ অৰোৰা ট্ৰফীৰে’ তেওঁক সন্মানিত হৈছে। তেওঁৰ এই সফলতাই নগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

শুভ্ৰজ্যোতি নগাঁৱৰ অৱসৰ প্ৰাপ্ত অধীক্ষক অভিযন্তা চেনিৰাম বৰা আৰু ৰীনা বৰাৰ কনিষ্ঠ পুত্ৰ।

আনহাতে, যোৱা ২৫-২৮ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহ উপলক্ষে অনুষ্ঠিত বিজ্ঞানৰ প্ৰকল্প উপস্থাপন প্ৰতিযোগিতাত নগাঁৱৰ এগৰাকী শিশু বিজ্ঞানীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলা খনৰ জখলাবন্ধাস্থিত চেন্ট ৰবাৰ্ট হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী যশস্বী হাজৰিকাই ৰাজ্যিক পৰ্য্যায়ত নিৰ্বাচিত ২৬ জন শিশু বিজ্ঞানীৰ ভিতৰত নিজৰ স্থান দখল কৰিছে। এইদৰে শিশু বিজ্ঞানী গৰাকীয়ে অহা ২৭ ৰ পৰা ৩১ ডিচেম্বৰত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হব লগা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশ গ্ৰহণ কৰাৰ যোগ্যতা লাভ কৰিছে। উল্লেখ্য, শিশু বিজ্ঞানী গৰাকীয়ে প্ৰতিযোগিতাত উপস্থাপন কৰা প্ৰকল্পৰ বিষয় আছিল “বিভিন্ন বাহ গছৰ তুলনামূলক অধ্যয়ন – বৃদ্ধি, ঘনত্ব আৰু কাৰ্বন নিৰ্গমন”।

ৱাহিদুদ জামান

Related Articles

Leave a Reply

Close