অসম

ৰূপহীহাটত পানীত পৰি দুই শিশুৰ কৰুণ মৃত্যু

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত জিউমাৰী আৰু তেলিয়াছাপুৰী গাঁৱত একে দিনা দুটাকৈ শিশু পানীত পৰি কৰুণ মৃত্যুক আকোৱালি লয়৷ সমগ্ৰ অঞ্চলজুৰি শোকে বিৰাজ কৰা এই ঘটনাত জিউমাৰীৰ জোয়েনা বেগম (৮) পিতা – শ্বফিকুল ইছলাম , আৰু তেলিয়াছপুৰীৰ ওৱাহিদুল ইছলাম (২) পিতা – নুৰুল ইছলাম নামৰ শিশু দুটিৰ মৃতদেহ দুপৰীয়াৰ ভাগত ঘৰৰ সন্মুখৰ এটা সৰু পুখুৰীৰ পৰা উদ্ধাৰ কৰে।

পৰিয়ালৰ লোকৰ অসাৱধানতাৰ বাবে ফুলকোমলীয়া শিশু দুটিৰ এইদৰে মৃত্যু ঘটা বুলি অনুমান কৰা হৈছে ৷ সম্প্ৰতি দুয়োটা পৰিয়ালৰ লোকৰ লগতে গাঁও দুখনত শোকৰ ছাঁ পৰিছে ৷

Related Articles

Leave a Reply

Close