অসম

চাপানালাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী চাপানালাত উদ্ধাৰ হয় এটি অচিনাক্ত মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি চামগুৰি আৰক্ষীক অৱগত কৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

ঘটনা সন্দৰ্ভত জানিবপৰা মতে কিছুদিন ধৰি চাপানালা অঞ্চলত ঘূৰি ফুৰিছিল অচিনাক্ত লোকজন। কোনো ৰোগজনিত কাৰণত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষী তথা ৰাইজৰ। বৰ্তমান চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে অচিনাক্ত মৃতদেহটো।

Related Articles

Leave a Reply

Close