অসম

GMCHত অস্ত্ৰোপচাৰ কক্ষৰ পৰা পলাই-পত্ৰং ৰোগীৰ

নিউজ ডেক্স,প্ৰথম খবৰঃ GMCHত অস্ত্ৰোপচাৰ কক্ষৰ পৰাই ৰোগী অন্তৰ্ধান হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰোগীজনৰ লখিমপুৰ জিলাৰ ঢলপুৰৰ নিতুল দাস৷ পেটৰ বিষ হোৱাৰ বাবে GMCHত ভৰ্তি হৈছিল ৰোগীজন৷ পিছত বৃক্ক বিকল হোৱাত অস্ত্ৰোপচাৰৰ বাবে নিয়া হৈছিল।কিন্তু অস্ত্ৰোপচাৰৰ বাবে চিকিৎসকৰ দল সাজু হৈ থকাৰ সময়তে ৰোগী নিতুল দাসে পলায়ন কৰে।বৰ্তমান ৰোগীজনক বিচাৰি সকলো দিশ চলাথ কৰিছে যদিও ৰোগীজনৰ সন্ধান হলে কোনেও পোৱা নাই।

Related Articles

Leave a Reply

Close