খেলশীৰ্ষৰাষ্ট্ৰীয়

ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পান্দ্যাৰ আজি জন্মদিন

বৰ্ষাজ্যেতি দাস

শেহতীয়াভাৱে ভাৰতীয় ক্ৰিকেট দলটোৰ বেটছমনে হাৰ্ডিক পান্দ্যা বহুলভাৱে চৰ্চিত হৈ পৰিছে ক্ৰিকেট প্ৰেমীসকলৰ মাজত। এই ক্ৰিকেটাৰজন আজি ২৪ বছৰীয়া হ’ল। ১৯৯৩ চনৰ ১১ অক্টোবৰত গুজৰাটৰ চৌৰাছীত হাৰ্ডিক পান্দ্যাৰ জন্ম হয়।

যুৱ প্ৰজন্মৰ খেলুৱৈজনে খুব কম সময়ৰ ভিতৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষটো তেওঁ অষ্ট্ৰেলিয়াৰ দলটোৰ বিৰুদ্ধে এদিনীয়া খেলত ‘মেন অফ দ্যা ছিৰিজ’ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে।

সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে হাৰ্ডিক পান্দ্যাৰ পাৰিবাৰিক অৱস্থা প্ৰথমে খুব টনকিয়াল নাছিল। ২০১৫ চনত আই পি এলৰ দল মুম্বাই ইণ্ডিয়ানছে হাৰ্ডিক পান্দ্যাক খেলিবলৈ সুযোগ দিয়াৰ পাছতেই পৰিয়ালটোলৈ ভাল দিন আহে বুলি প্ৰকাশ কৰে স্বয়ং খেলুৱৈজনে। তদুপৰি পান্দ্যাৰ জ্যেষ্ঠ ভাতৃ কুনাল পান্দ্যাও ক্ৰিকেটৰ প্ৰতি যথেষ্ট আগ্ৰহী। সেয়ে যুৱ প্ৰজন্মৰ খেলুৱৈজনে পৰিয়ালৰ সৈতে বৰোদাত থাকিবলৈ লয়, যাতে খেলত ভালদৰে মনোযোগ দিব পাৰে।

টীম ইণ্ডিয়াৰ পূৰ্বৰ উইকেট কীপাৰ কিৰণ মোৰে হাৰ্ডিক পান্দ্যা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃক তিনিবছৰৰ বাবে বিনামূলীয়া ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়ে। প্ৰথমতে হাৰ্ডিক পান্দ্যা লেগ স্পীনাৰ আছিল যদিও পাছলৈ তেওঁ মিডিয়াম পেছ ব’লাৰ হিচাপে প্ৰশিক্ষণ লয়। এনেদৰেই তেওঁৰ ক্ৰিকেটৰ জীৱন আৰম্ভ হৈছিল।

ঘৰুৱা দলটোৰ সফল ক্ৰিকেটাৰগৰাকীৰ প্ৰথম অৱস্থাত নিজৰ বেট বা ব’ল একোকেই নাছিল। ২০১৪ চনত এখন ইৰফান পাঠানে ক্ৰিকেট বেট এখন তেওঁক কিনি দিছিল।

২০১৬ চনৰ ২৬ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টি-২০ খেল খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল হাৰ্ডিক পান্দ্যা।

শেহতীয়াভাৱে ১০ অক্টোবৰত মহানগৰীৰ বৰ্ষাপাৰত অনুষ্ঠিত হোৱা খেলখনত ঘৰুৱা দলটোৱে ভাল প্ৰদৰ্শন নকৰা বুলি একাংশই ক’ব খোজে। কিন্তু হাৰ্ডিক পান্দ্যাৰ পূৰ্বৰ ৰেকৰ্ডবোৰ চালে গম পোৱা যায় তেওঁ ইমান দিনে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰি আহিছে।

Related Articles

Leave a Reply

Close