নিবন্ধসাহিত্য

লক্ষ্মী পূজা: সকলোৰে গৃহত

কংকনা দাস:

দুৰ্গা পূজাৰ ৰং-তামাচা মাৰ নজাওতেই আন এক উৎসৱ সকলোৰে পদূলিত। দূৰ্গা পূজা উৎসাহ-উদ্দীপনাৰ মাজেৰে পাৰ হ’ল সেই ভাল লগা সময়বোৰ। সকলো আনন্দত আপোন পাহৰা। চাৰিওপিনে আনন্দৰ বন্যা, সৃষ্টি হয় এক মধুৰ ক্ষণৰ। দুৰ্গা দেৱীৰ লগত আন এক দেৱ-দেৱীৰ ধৰালৈ আগমন হয়, এই শৰৎ কালত। ‘মা’ ৰ লগত ‘লক্ষ্মী দেৱী’ও ধৰাত আৰ্ৱিভাৱ ঘটে।

জনমতেই হওঁক বা বেদবোৰৰ লিখনিতেই হওঁক লক্ষ্মী দেৱীক ‘ধন সম্পত্তিৰ’ আৰাধ্য হিচাপে পূজা অৰ্চ্চনা কৰা হয়। তেওঁ ধন, সোণ, অন্ন ইত্যাদিৰ অবিস্বাতৃ হিচাপে পৰিচিত। সকলো হিন্দু ধৰ্মালম্বী লোক সকলৰ গৃহত লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰা হয়। দুৰ্গা পূজা আয়োজন কৰা মণ্ডপটো লক্ষ্মী দেৱীক বেদীত স্থাপন কৰা হয়। ধূপ, দীপ, নৈবেদ্য দি পূজা অৰ্চনা কৰা হয়।

লক্ষ্মী পূজা বিশেষকৈ ঘৰৰ গৃহিনীগৰাকীয়ে অনুষ্ঠিত কৰে। সকলো গৃহত লক্ষ্মী মাৰ পূজা কৰা হয়। যাতে মায়ে সকলো অপায়-অমংগলবোৰ দূৰ কৰে।সকলোৱে গৃহত ধন-ধানে ওপচায় দিয়াতো কামনা কৰে। বিশেষভাৱে ঘৰৰ মূল গৃহিনী বা সকলো বোৱাৰীৰ মাজত এইভাগ পূজা বেছিকৈ কৰা দেখা যায়। যদিও মণ্ডপবোৰত পূজা ভাগ পুৰুহিতেই সমাপন কৰে। কিন্তু সকলো গৃহত গৃহিনীগৰাকীয়ে সমাপন কৰে।

অন্ন দাতৃ লক্ষ্মী দেৱীৰ পৰা সকলোৱে আশীষ বিচাৰে। লোক বিশ্বাসৰ আধাৰত বৃহস্পতিবাৰতো লক্ষ্মী বাৰ বুলি জনাজাত। ঘৰত সৰুৰ পৰাই দেখি আহিছো লক্ষ্মী দেৱীক মায়ে একান্ত মনেৰে আৰাধনা কৰা।

এই দিনটো আহিলে মনত এক সুখৰ অবুজ ভাষাৰ সৃষ্টি হয়। শৰতৰ ভাললগা গধূলিটোত শেৱালীৰ মৃদু মৃদু সুৱাসৰ লগত চতিয়নাৰো আভাস। তাতে আকৌ নামঘৰত মাৰ মুখত উচ্চাৰিত লক্ষ্মী চৰিত খনৰ প্ৰত্যেকটো পৃষ্ঠা। মনদি শুনিব বিচাৰিছিলো পিছে ভাষাবোৰ বুজাটো কঠিন তথাপিও মোৰ মন আপ্লুত কৰে। গধূলি আগ মুহূৰ্ত সময়বোৰ আৰু মধুৰ। মায়ে লঘোনে থাকি নৈবেদ্য তৈয়াৰ কৰে। চিৰা ভজা, নাৰিকলৰ লাৰু বনোৱা, পায়স তৈয়াৰ কৰা, খিলি পান বনোৱা চাই থাকি বৰ আনন্দ পাও লগতে মাহ-প্ৰসাদ তৈয়াৰ কৰে। যেতিয়া সৰু সৰু লক্ষ্মী দেৱীৰ পাদুকা অঁকা হয়, মন আপ্লুত হৈ যায়। যেতিয়া মায়ে বাৰান্দাখনত ফুলৰ আৰ্হিত আঁকে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৱিৰৰ সৈতে কিমান যে মিঠা আলোড়নৰ সৃষ্টি হয়। ‘মৰাল বা আল্পনা’ বুলি জনাজাত সেই ফুলপাহ। এগৰাকী গৃহিনীৰ যে কিমান যে দায়বদ্ধ ঘৰখনৰ প্ৰতি সেই সময়ত অনুভৱ হৈছিল। সেইবাবে হয়তো জনমতৰ হিচাপত লক্ষ্মীদেৱীৰ ৰূপ গৃহিনীগৰাকীত থাকে বুলি কয়। শৰতৰ মিঠা সন্ধিয়াত এই পূজা অনুষ্ঠিত কৰা সুখৰ কামনা কৰে। সকলোৰে যাতে মংগল হওঁক তাৰেই আশীষ বিচাৰে দেৱীৰ ওচৰত। শেৱালীৰ মৃদু মৃদু কোমল শৰতৰ সন্ধিয়াটো আনন্দৰ বন্যা বয় তাৰেই আশীষ বিচাৰে ‘লক্ষ্মী দেৱী’ৰ ওচৰত।

 

 

 

Related Articles

Leave a Reply

Close