বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

বিবাহপাশত আৱদ্ধ হ’ল নাগাৰ্জুনৰ পুত্ৰ

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: দাক্ষিণাত্য তথা বলিউডৰ জনপ্ৰিয় অভিনেতা নাগাৰ্জুনৰ কথা সকলোৱে জানে। তেওঁৰ পুত্ৰ নাগা চৈতন্য আৰু অভিনেত্ৰী সামান্থা বিবাহপাশত আৱদ্ধ হয়।

প্ৰথমে দাক্ষিণাত্যৰ নিয়ন অনুসৰি বিবাহ সম্পন্ন কৰে এইহাল দম্পত্তীয়ে। সামান্থা খ্ৰীষ্টান ধৰ্মৰ হোৱা হেতুকে হিন্দু নিয়মৰ উপৰিও খ্ৰীষ্টান নীতি-নিয়মেৰেও বিবাহ সম্পন্ন কৰে নাগা চৈতন্য আৰু সামান্থাই।

উল্লেখযোগ্য যে, এই বিয়াখনক লৈ যথেষ্ট উৎসাহি হৈ পৰিছে বলিউডৰ লগতে দাক্ষিণাত্যৰ তাৰকা শিল্পীসকলো। ডেষ্টিনেশ্যন ৱেডিঙৰ আয়োজনেৰে গোৱাত বিবাহপাশত আৱদ্ধ হয় নাগাৰ্জুনৰ পুত্ৰ।

 

 

 

 

Related Articles

Leave a Reply

Close