অসমবিনোদন

অৰুণ শৰ্মাৰ সোঁৱৰণত ছিগালৰ নাট

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : ভাৰতৰ পটভূমিত নাট্যকাৰ হিচাপে খ্যাতি অৰ্জন কৰা নাট্যকাৰ স্বৰ্গীয় অৰুণ শৰ্মাৰ সোঁৱৰণত নাট মঞ্চস্থ কৰা হ’ব।

গুৱাহাটী মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত ৯ অক্টোবৰৰ সন্ধিয়া ৬ বজাত ছিগাল থিয়েটাৰে নাট মঞ্চস্থ কৰিবলৈ  আয়োজন কৰিছে।

নাট্যকাৰ অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত ‘শ্ৰী নিবাৰণ ভট্টাচাৰ্য্য’ নাটখন মঞ্চস্থ কৰিব আৰু নাটখন পৰিচালনা কৰিছে বাহাৰুল ইছলামে।

ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ আঁত ধৰিব নয়ন প্ৰসাদে। নাটকৰ উপৰিও অনুষ্ঠানটোত তৰুণ কলিতাৰ চোৰোড বাদন আৰু কুলদা কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিচাৰণ কাৰ্যসূচী থাকিব।

অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Close