কবিতাসাহিত্য

বিচৰা সপোনবোৰ

কংকনা দাস:

বিচৰা সপোনবোৰ পূৰ্ণ হয় জানো

স্বাগতম তোমাক,

বিষাদ বিননিৰ সুৰহীন গান

স্বপ্নময় অবোজ বেদনা,

তোমাৰ অচিনাকি ঠিকনা।

সপোনৰ বন্দৰত আমি

চিনাকি পথৰ সন্ধানত,

উৰা মাৰিব নেকি সপোনবোৰ

কেনিবা অজান স্থানলৈ।

তুমিনো আৰু কিমান ৰং চাবা

মোৰ আকুলতাৰ,

বিচৰা সপোনবোৰৰ প্ৰতি নাই হাবিয়াস।

আছে মাথো ক্ষোভ,

বিশ্বাসঘাতকতাত তোমাৰ

হৈ ৰ’ব এটি স্মৃতি।

সুৰহীন গানৰ, বেদনাৰ ৰাগিনী।

Related Articles

Leave a Reply

Close