বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

প্ৰথমবাৰৰ বাবে বজৰংগী ভাইজানৰ লগত কাম কৰিব ছিৰিয়েল কিছাৰে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ জনপ্ৰিয় অভিনেতা যিয়ে পৰ্দাত সহ অভিনেত্ৰীক কিছ কৰা নাই তেওঁ ছলমান খান। ছলমান খানে বলিউডত যদিও বহু ছবি কৰিছে বৰ্তমানলৈ কোনো ছবিত কাম কৰা নাই ছিৰিয়েল কিছাৰ তথা যুৱতীসকলৰ হিয়াৰ আমঠু ইমৰাণ হাছমীৰ লগত।

ইতিমধ্যে ‘ৰেচ-৩’ ছবিখনৰ কাম আৰম্ভ কৰিবলৈ লৈছে। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ছবিখনৰ জেকলীন ফাৰ্ণাণ্ডেজ, ছলমান খান আৰু ডেইজী শ্বাহ ইতিমধ্যে চুক্তিবদ্ধ হৈছে। ছবিখনৰ আন এটি চৰিত্ৰৰ বাবে কথা-বতৰা চলিছে ইমৰাণ হাছমীৰ লগত। অৱশ্যে এই চৰিত্ৰটোৰ বাবে ইমৰাণৰ আগতে সিদ্ধাৰ্থ মলহোট্টাৰ লগত কথা পতা হৈছিল। কিন্তু চৰিত্ৰটো সিদ্ধাৰ্থৰ পচন্দ নোহোৱাৰ বাবে তেওঁ অভিনয় নকৰো বুলি ক’লে। বিশেষসূত্ৰৰ পৰা জানিব পৰা মতে, ছবি নিৰ্মাতাগৰাকীয়ে একেটা চৰিত্ৰৰ বাবে সিদ্ধাৰ্থৰ ঠাইত আদিত্য ৰায় কাপুৰৰ লগতো কথা পাতিছিল। কিন্তু তেওঁ চৰিত্ৰটোত অভিনয় নকৰো বুলি কোৱাত ইমৰাণ হাছমীৰ কথাই একপ্ৰকাৰে ফাইনেল কৰিছে নিৰ্মাতাগৰাকীয়ে।

ইমৰাণ হাছমীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, দুগৰাকী হিৰ’ থকা ছবিত অভিনয় কৰিবলৈ তেওঁ আগ্ৰহী। ইয়াৰ পূৰ্বেও তেওঁ অজয় দেৱগণৰ লগত ‘ৱাঞ্চ আপ’ন এ টাইম ইন মুম্বাই’ আৰু ‘বাদশ্বাহ’ত অভিনয় কৰিছে। উল্লেখযোগ্য যে, ছলমান খানৰ লগত ইমৰাণ হাছমীয়ে অভিনয় কৰা এইখন হ’ব প্ৰথম ছবি। এই ছবিখনৰ বাবে যথেষ্ট আগ্ৰহী দৰ্শকসকলো।

Related Articles

Leave a Reply

Close