বিনোদনশীৰ্ষ

সস্তীয়া জনপ্ৰিয়তাৰ বাবেই ছ’চিয়েল মিডিয়াত টাৰ্গেট নেকি? কাৰ ওপৰত ক্ষোভ ৰবি শৰ্মাৰ?

ভাৰতৰ ইতিহাসত অসমৰ নাম চহকী কৰা ব্যৱসায় ‘ভ্ৰাম্যমাণ থিয়েটাৰ’। অসমৰ কলা-সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাইছে ভ্ৰাম্যমাণ থিয়েটাৰে। বিশ্বব্যাপী থকা প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক লৈ। এখন সফল নাট মঞ্চস্থ কৰাত প্ৰায় ১৫০ জনীয়া নাট্যদল এটাৰ সমূহীয়া প্ৰচেষ্টাত সম্ভৱ হৈ উঠে। যিকোনো নাট্যদল এটাৰ প্ৰত্যেকৰে অৱদান শলাগনীয়।

কিন্তু লক্ষ্যণীয় যে বিগত কিছুদিনৰপৰা বিতৰ্কৰ অন্যতম বিষয় হৈ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ। প্ৰতিদিনে সংবাদ মাধ্যমতে হওক বা ছ’চিয়েল মিডিয়াতে হওক বিভিন্ন ধৰণৰ সমালোচনাৰ কেন্দ্ৰ হৈ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়।  ফলস্বৰূপে কিছু সংখ্যক দৰ্শকৰ লগতে কিছু সংখ্যক অভিনেতা-অভিনেত্ৰীয়েও আঁতৰি আহিছে ভ্ৰাম্যমাণ থিয়েটাৰৰপৰা। ভ্ৰাম্যমাণৰপৰা আঁতৰি অহা জনপ্ৰিয় দুটা নাম ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়া। আৰু তেওঁলোকে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা ফালৰি কাটি অহাত সৃষ্টি হৈছে বহু বিতৰ্কৰ।  

কিন্তু কিয় জনপ্ৰিয় তাৰকাসকলে আঁতৰি আহিছে থিয়েটাৰৰপৰা? ভ্ৰাম্যমাণৰ কোনটো কথাই আমনি কৰিছে ৰবি শৰ্মাক? জীৱনৰ নটাকৈ বছৰ থিয়েটাৰত অভিনয় কৰি ভ্ৰাম্যমাণৰ পৰা বিদায় ল’ব বিচৰাটো ৰবি শৰ্মাই কৰা পাপ নেকি? কাৰ ওপৰত ক্ষোভ ৰবি শৰ্মাৰ? এনে বহু কথা ৰবি শৰ্মাই ব্যক্ত কৰিলে ‘প্ৰথম খবৰ’ৰ সাংবাদিক বৰ্ষাজ্যোতি দাসৰ সৈতে হোৱা এক সাক্ষাৎকাৰত। 

আপুনি ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা কিয় বিৰত থাকিব বিচাৰে

অসমীয়া ছবি কৰা ২০ বছৰ হ’ল। আৰু বিগত ৯ বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছোঁ। পোনপ্ৰথমে মই কওঁ, ভ্ৰাম্যমাণ থিয়েটাৰক মই বেয়া নাপাওঁ। কিন্তু তাত এটা দুষ্ট চক্ৰান্ত চলে, সেইটো মই বেয়া পাওঁ। তদুপৰি বৰ্তমান যিবোৰ নাটক ভ্ৰাম্যমাণত চলি আছে সেইবোৰ নাটক দৰ্শকৰ ৰুচিবোধৰ ওপৰত ভিত্তি কৰি লিখা নাটক। দৰ্শকেতো মঞ্চত মই বা কোনো জনপ্ৰিয় অভিনেতা এজনে গা ধুই থকাটো চাব বিচাৰিব পাৰে, কিন্তু মই মঞ্চত সেইটো কৰিম নেকি? নাটক এখনে ৰাইজক এটা ভাল বাৰ্তা দিব লাগে। নাটক এখন কেৱল মনোৰঞ্জনৰ আহিলা হ’ব নোৱাৰে। দৰ্শকক আমি কবিতা আবৃত্তি কৰিলে কেনেকুৱা লাগে বা গীত-নৃত্য পৰিবেশন কৰিলে কেনেকুৱা লাগে সেয়া চাবলৈ শিকাব লাগিব। কাৰণ বৰ্তমান যুগটো এনেকুৱা যে মানুহৰ মনত বেয়া দিশটোৱে সহজে স্থান লাভ কৰে। 

তদুপৰি সংলাপৰ দিশটো মই উনুকিয়াই দিছোঁ। বৰ্তমান নাটবোৰত ‘চাল্লা হাৰামী’ আদি শব্দৰ প্ৰয়োগ কৰা দেখা যায়। ‘মই তোমাক বহুত ভালপাওঁ’-এই সংলাপটো ভুল। কাৰণ মানুহে মানুহক কেনেকৈ বহুত ভাল পাব পাৰে? হয়তো খুব ভাল পাব পাৰে বা সাংঘাটিক ভাল পাব পাৰে। এইবোৰক সংলাপ বুলি নকওঁ। এনেবোৰ বাক্যই অসমীয়া ভাষাক নষ্ট কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ ভুলকৈ শুনোতে শুনোতে আমি ভুলটো শুদ্ধ বুলি ভাবিবলৈ আৰম্ভ কৰিলোঁ। ভাষাটো শুদ্ধকৈ জীয়াই ৰাখিবলৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰসকলে প্ৰয়াস কৰা উচিত। মই দুঃখিত যে ভ্ৰাম্যমাণৰ দৰ্শকক ভুলটো শুধৰাই দিয়া হোৱা নাই। আকৌ কৈছো ভ্ৰাম্যমাণ থিয়েটাৰৰ ধাৰাটো মই বেয়া নাপাওঁ। 

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ ক্ষেত্ৰত ছিণ্ডিকেট চলে নেকি

ছিণ্ডিকেট চলে বুলি একেষাৰতে ক’বলৈ অসুবিধা। কিন্তু পুৰণি নাটকবোৰৰ লগত তুলনা কৰিলে গম পোৱা যায় যে সময়ৰ সোঁতত সলনি হৈ গ’ল বৰ্তমানৰ নাটকবোৰ। সলনি হোৱাটো ভাল কথা কিন্তু ভ্ৰাম্যমাণৰ নাটকৰ প্ৰকৃত ধাৰাটো সকলো নাট্যকাৰে ধৰি ৰাখিব পৰা নাই। এই ক্ষেত্ৰত এগৰাকী নাট্যকাৰ ব্যতিক্ৰম। তেওঁ মৃদুল চুতীয়া। মৃদুল চুতীয়াৰ নাটকত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ সোৱাদ আজিও জীয়াই আছে। এই কথা মই আগতেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলো। কিন্তু মোৰ সমালোচকসকলে এই কথাটোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে। কাৰণ মৃদুল চুতীয়াৰ নাম ক’লে যে তেখেতে জনপ্ৰিয়তা লাভ কৰিব। সেয়ে মৃদুল চুতীয়াৰ নাম নকয়। 

ৰবি শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰত কাম নকৰোঁ বুলি কোৱাৰ পিছতে বহুতো সমালোচকে ছ’চিয়েল মিডিয়াত সমালোচনা কৰা দেখা গৈছিল। এই ক্ষেত্ৰত আমাৰ সাংবাদিকে এটা এটাকৈ সমালোচকৰ অভিযোগৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন উত্থাপন কৰিছিল আৰু অভিযোগসমূহৰ প্ৰত্যুত্তৰত বহু কথা ক’লে অভিনেতাগৰাকীয়ে। 

অভিযোগ ১, আপোনাৰ মাত সৰু। ভ্ৰাম্যমাণৰ বাবে উপযুক্ত নহয়। কি ক‘ব এই বিষয়ে?

যদি মোৰ মাত সৰু, দৰ্শকে এই অভিযোগ প্ৰথম বৰ্ষত থিয়েটাৰ কৰোতে উত্থাপন কৰিলেহেঁতেন। আজি ৯ বছৰে মই কি কৰি আছিলো থিয়েটাৰত? প্ৰযোজকসকলে আমাক লাখ লাখ টকা দি কিয় ৰাখিছিল? গতিকে এনেবোৰ সমালোচনা কৰাৰ আগতে সাৱধান হোৱা উচিত। 

অভিযোগ ২, আপুনি থিয়েটাৰত অভিনয় নকৰিলে থিয়েটাৰৰ লোকচান  নহয়। আপোনাৰ মতামত

এইবোৰ কথা মোৰ সমালোচকসকলে ক্ষোভ উজাৰিবলৈ কোৱা কথা। হয়টো তেওঁক ভিতৰি ভিতৰি কোনোবা নাট্যকাৰক প্ৰটেকচন দি আছে  হয়টো তেওঁক কোনোবা এজন নাট্যকাৰে নিজৰ হাত ভৰি বা আঙুলি হিচাপে ব্যৱহাৰ কৰিছে। আচলতে মোৰ বিৰুদ্ধে এটা দুষ্ট চক্ৰ লাগি আছে কাৰণ মই তেওঁলোকক তেল নামাৰোঁ। সেয়ে মোৰ বিষয়ে বেয়াকৈ আলোচনা কৰিছে। 

অভিযোগ ৩, দুখনমান ভিচিডিত একেধৰণৰ নাচ-গান আৰু অলপ ফাইট কৰি শকত ধনৰ টোপোলা বিচৰাৰ কথাও উত্থাপিত হৈছে।

প্ৰথমে কওঁ নাচ-গান একে কেনেকৈ হ’ব? প্ৰতি বছৰে কৰিঅ’গ্ৰাফাৰ বেলেগ হয়। গতিকে নৃত্য শৈলীও সলনি হৈ থাকে। দ্বিতীয়তে সমালোচনা কৰাসকলে হয়তো নাজানে ভিচিডিৰ বিৰুদ্ধে মাত মতা প্ৰথমজন অভিনেতা। ভিচিডিৰ বেয়া দিশবোৰৰ কথা মই প্ৰথমে কৈছিলো। গতিকে মই কিমান কাম কৰিছোঁ সেইটো দিশ প্ৰথমে লক্ষ্য কৰি সমালোচনা কৰিলে ভাল। মোক সমালোচনা কৰাসকলে এইটো ফিল্ডত মোতকৈ এদিন হ’লেও বেছি কাম কৰা ব্যক্তি হোৱাটো উচিত। 

ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি অহাৰ পাছতে আপোনালোকৰ দৰে শিল্পীক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কি ক‘ব এই ক্ষেত্ৰত? 

ভ্ৰাম্যমাণলৈ যোৱাটো মোৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত আছিল। আৰু ভ্ৰাম্যমাণৰ পৰা ওলাই অহাটো সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। এই ক্ষেত্ৰত  মোৰ সম্পূৰ্ণ স্বাধীনতা আছে বুলি মই ভাবোঁ। 

ভবিষ্যতে আৰু থিয়েটাৰত অভিনয় কৰিবনে

এই বছৰেই মাতি আছে থিয়েটাৰে। হেঙুল, কহিনুৰ আদি বহুকেইখন থিয়েটাৰে ইতিমধ্যে কথা পাতিছে। মোৰ চাহিদা কমি যোৱা বুলি নাভাবোঁ। মোক সময় লাগিব কিছু। কাৰণ কিছুদিন পূৰ্বে মোৰ দুটি যমজ সন্তানৰ জন্ম হৈছে। সন্তান দুটাক মই সময় দিব লাগিব। গতিকে ব্যক্তিগত কাৰণত মই ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি অহাটো আন এটা কাৰণ। 

আপোনাৰ বিৰুদ্ধে ফেচবুকত বহু লোকে লিখিছে। ইয়াৰ কাৰণ কি বুলি ভাবে

সমালোচনা কৰাটো খুব সহজ কথা। মই আজি ফেচবুকত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও লিখিব পাৰোঁ। কাৰণ ফেচবুক বৰ্তমান খুব জনপ্ৰিয় আৰু সহজলভ্য প্ৰচাৰ মাধ্যম। কিন্তু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে লিখিব পৰা অৰ্হতা মোৰ আছেনে মই মন কৰিব লাগিব। ঠিক তেনেদৰে মোৰ বিষয়ে বেয়াকৈ লিখাৰ আগতে মোৰ বিষয়ে কিছু কথা জানিবলৈ প্ৰয়াস কৰিব লাগে। ফেচবুকত মোৰ বিষয়ে লিখাকেইগৰাকী সৰু সৰু ল’ৰা যেন অনুভৱ হয়। তেওঁলোকে নাটক চাই ফুৰে, ভিতৰুৱা কথাবোৰ নাজানে। গতিকে সমালোচনা কৰাৰ আগতে বহু কথাই জানিবলগীয়া থাকে। তেওঁলোকে জনপ্ৰিয়তা পাবলৈ মোৰ বিষয়ে লিখিছে বুলি মই ভাবোঁ।

Related Articles

Leave a Reply

Close