অসম

অনৈতিক কাৰ্যকলাপৰ স্থলীলৈ পৰিণত ডঃ ৰাণী নৰহৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ জনকল্যাণ’ৰ কাৰ্যালয়

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ৰাজ্যসভাৰ সাংসদ ডঃ ৰাণী নৰহৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ জনকল্যাণ’ৰ ঢকুৱাখনাস্থিত কাৰ্যালয় চৌহদ হৈ পৰিছে এতিয়া অনৈতিক কাৰ্যকলাপৰ স্থলী। এই তথ্য পোহৰলৈ আহিছে আজি ঢকুৱাখনা বালিকা এম ভি স্কুলৰ পিছফালে থকা জনকল্যাণ’ৰ কাৰ্যলয় চৌহদৰ এটা ঘৰৰ পৰা নিচাযুক্ত ডেনড্ৰাইট, ফেভিকল সেৱন কৰি থকা অৱস্থাত দুই যুৱকক ঢকুৱাখনা আৰক্ষীয়ে আটক কৰে।

জনকল্যাণ’ৰ কাৰ্যলয়ৰ চৌহদতে এটা বিবাহ ভৱন আছে। এই ভৱনৰ দুৱাৰ খিৰিকী প্ৰতি দিনে মুক্ত হৈ থাকে সদায় । নিশাৰ ভাগৰ কথা বাদেই দিনৰ ভাগত এতিয়া এই ঘৰটোৱেই হ’ল এচাম যুৱকৰ অসামাজিক কামৰ আড্ডাস্থলী। বিদ্যালয় চলি থকাৰ সময়তো এই ঘৰটো ভিতৰত চলে নিচাসক্ত যুৱকৰ আড্ডা।

বিদ্যালয় চলি থকাৰ সময়তে জনকল্যাণ’ৰ সেই ঘৰটো ভিতৰত বিশ্বজিত দাস (২১) আৰু বিকাশ ঘোষ (২০) নামৰ দুই যুৱকক ঢকুৱাখনা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰি থকাৰ অৱস্থাত আটক কৰে।

Related Articles

Leave a Reply

Close