অসম

“অসমীয়া মানুহ সংস্কৃতিক ভাবে চহকী” যোৰহাটত ৰাজ্যপাল জগদীশ মূখী

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ: “অসমীয়া মানুহ সংস্কৃতিক ভাবে চহকী” এই কথা আজি উল্লেখ কৰে অসমৰ নৱ নিযুক্ত ৰাজ্যপাল জগদীশ মূখীয়ে আজি যোৰহাটৰ আৱৰ্ত ভবনৰ প্ৰেক্ষাগৃহত অনুস্থিত এখন সংবাদ মেলত। আজি যোৰহাটত উপস্থিত হৈ অসমৰ নৱ নিযুক্ত ৰাজ্যপালজনে যোৰহাটৰ প্ৰায়বোৰ বিভাগৰে মুৰব্বীসকলকৰ লগত মত বিনিময় কৰাৰ লগতে জিলাখনৰ প্ৰায় ২৭টা ৰাজনৈতিক অ ৰাজনৈতিক সংগঠনৰ সৈতেও বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰে।

ৰাজ্যপালজনে সংবাদমেলখনত আগন্তুক পাঁচ বছৰত, অৰ্থাৎ ২০১৭ৰ পৰা ২০২২ৰ ভিতৰত কৃষকৰ আয় দুগুন কৰাৰ চেষ্টা চলাব বুলি কয়। লগতে কৃষকক চৰকাৰে উন্নতমানৰ বীজ, পনীযোগান আঁচনি, আদি যোগান ধৰি বিভিন্ন ভাবে অায় বৃদ্ধি কৰাত সহায় কৰি আহিছে বুলি কয়। অৱশ্যে কৃষকৰ আয় বৃদ্ধিৰ মূল হেঙাৰ মধ্যভোগী বুলি তেওঁ উল্লেখ কৰে। কৃষিৰ লগতে ফিচাৰী, পশুপালন, আদিৰ জৰিয়তেও কৃষকে আয় বৃদ্ধি কৰিব পাৰে বুলি কয়।

লগতে তেওঁ বুনিয়াদী, মাধ্যমিক আৰু উচ্চ শিক্ষা এই তিনিওটাৰে উন্নতিকৰণ অতি আৱশ্যকীয় বুলিও উল্লেখ কৰে। আনহাতে বৃহত্তৰ নাগালিমৰ নগা ফ্ৰেমৱৰ্কৰ সম্পৰ্কে ৰাজ্যপালজনে সীমান্তত কোনোধৰণৰ অ প্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি এক তাৎপর্য্যপূৰ্ণ মন্তব্য প্ৰদান কৰে আজিৰ সংবাদমেলত। উল্লেখযোগ্য যে, ৰাজ্যপালগৰাকীয়ে কালিলৈ নদী দ্বীপ মাজুলি পৰিদৰ্শন কৰিব।

 

Related Articles

Leave a Reply

Close