অসম

আমছুৰ চাফাই অভিযান

খাৰুপেটিয়াৰপৰা আবুল হাছেম, প্ৰথম খবৰ: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলাৰ বালাবাৰী আঞ্চলিক আমছুৰ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলা খনৰ ধুলা থানাৰ অন্তৰ্গত ফকিৰপাৰা চকত প্ৰত্যেক দিনা পুৱা ওচৰৰ অঞ্চলসমূহৰ পৰা খেতিয়ক সকলে অনা শাক পাচলিৰ পেলনীয়া আৱৰ্জনাবোৰে কোনো চাফাই কৰ্মী নথকাত দুৰ্গোন্ধৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰিছিল।

পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গোন্ধবোৰ আতৰ কৰোৱাৰ বাবে ফকিৰপাৰা আঞ্চলিক আমছুৰ সভাপতি ম:হাবিজুৰ ৰহমান আৰু মূখ্য সাংগঠনিক সম্পাদক ম:মুস্তাক ওৱাছিম আহামেদৰ সহযোগত কেন্দ্ৰীয় আমছুৰ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস দৰং জিলা সমিতিৰ উপদেষ্টা মিজানুৰ ৰহমান আৰু ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাৰ উপস্থিতিত ৩ নং থেকেৰাৱাৰীত (ফকিৰপাৰা)চকত ছাফাই অভিযান কাৰ্যসূচী পালন কৰা হয়।

 

 

Related Articles

Leave a Reply

Close