অসম

কলগাছিয়াত কংগ্ৰেছৰ কলা দিৱস পালন, বিজেপিক ধিক্কাৰ বিধায়ক খালেকৰ

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: মোডী চৰকাৰৰ নীতিৰ বহিঃভূতভাৱে বিমুদ্ৰাকৰনৰ বিৰুদ্ধে আজি দেশব্যাপী কংগ্ৰেছে কলা দিৱস হিচাপে পালন কৰাৰ সময়তে কলগাছিয়াতো পালন কৰা হয় কলা দিৱস। জনীয়াৰ বিধায়ক আব্দুল খালেক আৰু সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে সমষ্টীটোৰ খাতাৰ টাৰীৰ পৰা বনগুগীলৈ প্ৰায় চাৰি কিলোমিটাৰ পদযাত্ৰা কৰি প্ৰতিবাদ কৰে।

মোডীৰ হঠকাৰী সিদ্ধান্তত দেশৰ অৰ্থনীতি থান বান হোৱাৰ লগতে ইয়াৰ ফলত কেৱল পুঁজিপতি আৰু মোদীৰ বন্ধু সকলোৰহে লাভ হৈছে আৰু শতাধিক সাধাৰন জনতাই মৃত্যু বৰন কৰিবলগীয়া হৈছে বুলি মত প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে মোদীৰ প্ৰতিকী বনাই ঠেলা হেচা কৰে আৰু অপমান কৰে।

বিমুদ্ৰাকৰণৰ জৰিয়তে মোডী চৰকাৰে কিমান কলা ধন উদ্ধাৰ কৰিলে বুলি বিধায়ক খালেকে প্ৰশ্ন কৰি বিজেপি চৰকাৰক সমালোচনা কৰে। কংগ্ৰেছৰ কলা দিৱস তল পেলাবৰ বাবে আজি বিজেপি চৰকাৰে এক গ্ৰেপ্তাৰৰ নাটক কৰে বুলিও বিধায়ক গৰাকীয়ে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

 

Related Articles

Leave a Reply

Close