অসম

কাকপথাৰত আলফা(স্বা)ৰ ছাজেনণ্ট মেজৰ বিপুল গগৈৰ আত্মসৰ্মপণ

প্ৰথম খবৰ, কাকপথাৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি দিনৰ প্ৰায় তিনিমান বজাত আলফা(স্বা) ৰ ছাজেণ্ট মেজৰ বিপুল গগৈ ওৰফে অমিত অসমে আত্মসৰ্মপণ কৰিছে ৷ তিনিচুকীয়া পুলিচ, চি আৰ পি এফ ক্ৰোবা, ভাৰতীয় সেনাৰ যুটীয়া উদ্যোগত তিনিচুকীয়া জিলাৰ আৰক্ষী অধিক্ষকৰ উপস্থিতিত আত্মসৰ্মপণ কৰে সদস্য গৰাকীয়ে৷

সদস্যগৰাকীৰ ঘৰ শদিয়াৰ বাৰ মাইলত বুলি জানিবলৈ দিছে। এটা চাইনিজ গ্ৰেনেড আৰু ৭.২ এটা পিষ্টল জমা দিছে সদস্যগৰাকীয়ে ৷ ২০০৮ চনত আলফাত যোগদান কৰা দুৰ্ধষ সদস্যগৰাকীয়ে।ম্যানমাৰৰ পৰা পুনে পুনে কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক পাৱৈত আত্মসৰ্মপণ কৰে ৷ সদস্য গৰাকীৰ আত্মসৰ্মপণে আলফা(স্বা) ৰ মোক্ষম আঘাট বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close