অসম

কুশল কোঁৱৰ বিদ্যালয়ত দুদিনীয়াকৈ শিশু দিৱসৰ আয়োজন

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনিৰ গেৰুকানি কুশল কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত অহা ১৩ আৰু ১৪ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসটি উদযাপন কৰিবলৈ লৈছে। প্ৰথমদিনাৰ কাৰ্যসূচীত পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কৰিব। শিশুসকলৰ মাজত কবিতা আবৃত্তি, বক্তৃতা, কুইজ, চিত্ৰাংকন, জ্যোতিসংগীত, ৰাভাসংগীত, বিহুগীত, বৰগীত, দিহানাম, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হোৱাৰ পাছতে দিনটোৰ অন্ত পৰিব।

শিশুদিৱসৰ দিনা পুৱাতেই পৰিৱেশ নিকাকৰণৰ দ্বাৰা দিনটোৰ শুভাৰম্ভ হ’ব বুলি বিদ্যালয় কৰ্তৃপক্ষই জনাইছে। তাৰ পাছতেই মুৰফুলনি খণ্ড বন বিষয়া কমলাকান্ত ভৰালীয়ে গছপুলি ৰোপণ কৰিব।সদৌশেষত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী অম্বিকা বৰাই উদ্বোধনী কৰিবলগা মুকলি সভাৰ সভাপতিত্ব কৰিব ছাত্ৰ অবিনাশ গগৈয়ে। লগতে বিশিষ্ট অতিথি হিচাপে সাংবাদিক গিৰীণ বৰা, প্ৰণৱজ্যোতি শইকীয়া , ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দয়ানাথ ভট্টাচাৰ্যৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close