অসমশীৰ্ষ

‘গব্বৰ সিং টেক্স’,উদ্ধাৰকৰ্তাৰ ভূমিকাত কংগ্ৰেছ

নিউজ ডেস্ক,প্ৰথম খবৰ: জিএছটিৰ অৰ্থ হৈছে গব্বৰ সিং টেক্স,কংগ্ৰেছে এই কৰৰ পৰা উদ্ধাৰ কৰিব জনসাধাৰণক|আজি ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনে জিএছটি সম্পৰ্কত ‘শ্বোলে’ চিনেমাৰ গব্বৰ সিং চৰিত্রৰ উপমাৰে  বিজেপি চৰকাৰক কটাক্ষ কৰে|লগতে ঠাকুৰ চৰিত্রৰ ভূমিকাত কংগ্ৰেছ অৱতীৰ্ণ হৈ জনসাধাৰণক উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে|

ৰকিবুল হুছেইনে কয় যে–আমি জিএছটি ২৮% কৰ কমাই জনসাধাৰণক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছিলো গণতান্ত্রীকভাৱে প্ৰতিবাদ জনায়|কিন্তু প্ৰশাসনে বয়োজেষ্ঠ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈকো আটক কৰি বাছত ভৰাবলৈ কুণ্ঠাবোধ নকৰিলে|এয়া অতিশয় দু্ৰ্ভাগ্যজনক|

Related Articles

Leave a Reply

Close