অসম

গোৱালপাৰাত অৰ্ধশতাধিক পুৰুষ- মহিলাৰ হাতে হাতে কলহী-বাল্টি লৈ অভিনৱ প্ৰতিবাদ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ গোৱালপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ সংমণ্ডলৰ অন্তৰ্গত বৃহত্তৰ লাউডোৱাবাসী ৰাইজে বিশুদ্ধ খোৱাপানীৰ হাহাকাৰ কৰিবলগীয়া হৈছে। বিগত কেইবাবছৰ পূৰ্বে লাউডোৱা গাঁৱত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰিছিল লাউডোৱা পানী যোগান আঁচনি।

স্থাপন কৰা দিনৰ পৰা আঁচনিখনে কিছুদিন ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছিল যদিওঁ ৰহস্যজনকভাৱে আঁচনিখনত থকা বিদ্যুৎ সংযোগ বিদ্যুৎ বিভাগে বিচ্ছিন্ন কৰি দিয়াৰ ফলত বিকল হৈ পৰে পানী যোগান আঁচনিখন।

দীৰ্ঘ দিনৰ পৰা অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ  খাল-বিলৰ অপৰিস্কাৰ পানী পান কৰি সংকট যুক্ত জীৱন যাপন কৰি থকাৰ বাবে আজি গাঁওখনৰে প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলাই পানী যোগান আঁচনিখনত হাতে-হাতে কলহী-বাল্টি লৈ উপস্থিত হৈ অসম চৰকাৰ হায় হায়, জনস্বাস্থ্য কাৰিকৰী বিভাগ মুৰ্দাবাদ, আমাক বিশুদ্ধ খোৱা পানী যোগান ধৰক আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে লাউডোৱা অঞ্চল উত্তপ্ত কৰি তোলে।

Related Articles

Leave a Reply

Close