অসম

চামগুৰিত আপকুৰ বিশেষ সভা

চামগুৰিৰ পৰা নৃপেন হাজৰিকা, প্ৰথম খবৰ: নগাঁও জিলাৰ চামগুৰিৰ গড়কাপ্তানি পৰিদর্শন ভৱনত আজি আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকো) নগাঁও জিলাৰ সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। চামগুৰি প্ৰেছ ক্লাৱৰ আতিথ্যত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত সভাপতিত্ব কৰে কলিয়াবৰৰ জেষ্ঠ্য সাংবাদিক তৰুণ মুক্তিয়াৰে।

আপকুৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক হেমন্ত শইকীয়াই আঁতধৰা সভাখনত আপকোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰধান হেমন্ত শইকীয়া, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদষ্য অঞ্জন শইকীয়া, কামপুৰৰ জেষ্ঠ্য সাংবাদিক সভাৰাম মজুমদাৰ, কলিয়াবৰৰ গোলাপ শইকীয়া, নগাওঁৰ অজিত মহেশ্বৰী আদি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে নগাঁৱৰ প্ৰয়াত জ্যেষ্ঠ সাংবাদিক বলেন বৰাৰ স্মৃতিত সকলোৱে এক মিনিট মৌন প্ৰাৰ্থনা কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।

ইয়াৰ পাছতে বলেন বৰাৰ মৃত্যুত খালী হোৱা নগাঁও জিলা সমিতিৰ আপকোৰ সভাপতি পদৰ বাবে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক মুনীন্দ্ৰ শইকীয়াক সভাপতি পদৰ বাবে মনোনীত কৰে। অহা এপ্ৰিল মাহত অনুষ্ঠিত হবলগীয়া আপকুৰ ৰূপালী জয়ন্তীৰ সামৰনি অনুষ্ঠানৰ ওপৰত বিতংভাৱে আলোচনা কৰাৰ লগতে আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰনি অনুষ্ঠানটি নগাঁৱতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সভাৰ সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Close