অসম

চামগুৰিৰ কনোৱামাৰীত দুৰ্নীতিৰ অভিযোগকাৰীৰ বিৰুদ্ধে জবকাৰ্ড শ্ৰমিকৰ প্ৰতিবাদ

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ:নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কনোৱামাৰী গাওঁ পঞ্চায়তত আজি এনৰেগা আঁচনি ৰূপায়নত বাজিয়াগাওঁ উন্নয়ন খণ্ডৰ একাংশ বিষয়াই দুৰ্নীতি সংঘটিত কৰা বুলি আৰক্ষী থানাত গোচৰ তৰা এজাহাৰকাৰীৰ বিৰুদ্ধে জবকাৰ্ড শ্ৰমিকে পালন কৰে এক প্ৰতিবাদী কাৰ্যসূচী।

জানিব পৰা মতে,বাজিয়া গাওঁ উন্নয়ন খণ্ড অঞ্চলত এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি ৰফিকুল ইছলাম নামৰ এজন লোকে খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ লগতে গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ ৰফিকুল ইছলাম নামৰ লোকজনে এজাহাৰত উল্লেখ কৰা মতে,কনোৱামাৰী বিল পৰিষ্কাৰৰ নামত এনৰেগাৰ ৪০ লাখ টকাৰ আঁচনিখনৰ ২৭ লাখ টকা কাম নকৰাকৈ উপৰোক্ত বিষয়া কেইজনে আত্মসাৎ কৰিছে বুলি অভিযোগ তুলি আৰক্ষীৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছিল৷

বাজিয়াগাওঁ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাক জনমানসত হেয় প্ৰতিপন্ন কৰা আৰু মিছা অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা ইছলামৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰায় ডেৰ শতাধিক জৱকাৰ্ড শ্ৰমিকে কনোৱামাৰী বিলৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়। ইতিমধ্যে,এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close